Skip to content

দৰকাৰ হ’লে মৃত্যুবৰণ কৰিম, কিন্তু CAB গ্ৰহণ নকৰোঃ অখিল গগৈ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
'কেব গৃহীত কৰিবলৈ বিজেপিয়ে এইবাৰ কৌশল সলনি কৰিছে। এতিয়া অসমবাসীক আন এটা টোপ দিব বিজেপিয়ে। হিমন্তই পুনৰ টোপ এটা দিব অসমবাসীক। হিমন্তই মতাক মাইকী কৰিব পাৰে বুলি সকলোৱে জানে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo: Time8

‘CAB সন্দৰ্ভত দিল্লীত অনুষ্ঠিত হোৱা বৈঠকৰ পিছত BPF দলৰ বিশ্বজিৎ দৈমাৰীয়ে দিয়া মন্তব্য শাসকীয় দলৰ মন্তব্য।’- সংবাদমেলত এই মন্তব্য কৃষক নেতা অখিল গগৈৰ। যদি উত্তৰ-পূৱৰ কেইখনমান ৰাজ্য CABৰ পৰা বাহিৰত ৰাখে অসম অধিক ক্ষতিগ্ৰস্ত হ’ব। অসমৰ সমাজ, অৰ্থনীতি, ৰাজনীতি, আৰু সংস্কৃতি ক্ষতিগ্ৰস্ত হ’ব বুলি মন্তব্য কৰিলে কৃষক নেতাগৰাকীয়ে। বিশ্বজিৎ দৈমাৰীয়ে কৈছে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিব, অসম চুক্তিৰ ৬ নং দফাত সামাজিক, সাংস্কৃতিক আৰু ঐতিহ্যৰ কথা কৈছে কিন্তু ৫নং দফা উলাই কৰি ৬নং কাৰ্যকৰী কৰিলে উত্তৰ-পূৱ ক্ষতিগ্ৰস্ত হ’ব বুলিও ক’লে অখিল গগৈয়ে।

‘কেব গৃহীত কৰিবলৈ বিজেপিয়ে এইবাৰ কৌশল সলনি কৰিছে। এতিয়া অসমবাসীক আন এটা টোপ দিব বিজেপিয়ে। হিমন্তই পুনৰ টোপ এটা দিব অসমবাসীক। হিমন্তই মতাক মাইকী কৰিব পাৰে বুলি সকলোৱে জানে।’- সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৃষক নেতা অখিল গগৈৰ। NRCত বহু ভুৱা মানুহ অন্তৰ্ভুক্ত হৈছে বুলি কৈছে বিজেপি আৰু RSSএ, কিন্তু অসমত ২০ লাখ হিন্দু বাংলাদেশী আছে, কেব গৃহীত হ’লে এই ২০ লাখে নাগৰিকত্ব পাব।

‘হিমন্তৰ সাহস নাই কাৰণে আজি দিল্লীলৈ নামাতিলে কৃষক মুক্তিক। কৃষক মুক্তিৰ লগত বহিবলৈ সাহস নাই। কৃষক মুক্তিৰ লগত ৭০টা সংগঠনে CABৰ বিৰুদ্ধে প্ৰতিবাদ কৰোতে হিমন্তই কৈছিল আমছু জাতীয় সংগঠন নহয়, কিন্তু এতিয়া দিল্লীত আমছুক লৈ আলোচনা কৰিছে বিজেপিয়ে।’- মন্তব্য কৃষক নেতাগৰাকীৰ। কৃষক মুক্তিয়ে কোনো কাৰণত কেব গ্ৰহণ নকৰে বুলিও দাবী কৰে। দিল্লীলৈ যোৱা সংগঠনসমূহক বিজেপিৰ কথাত ভোল নাযাবলৈ আহ্বান অখিল গগৈৰ।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp