Skip to content

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কয়লা ছিণ্ডিকেটৰ আটাইতকৈ ডাঙৰ খলনায়কঃ অখিল গগৈ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে কয়লা ছিণ্ডিকেট চলিছে আৰু কয়লাৰ ট্ৰাকে ৪ গৰাকী মানুহক মাৰি পেলোৱাটোও মুখ্যমন্ত্ৰীয়ে জগৰীয়া
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo credit: Time8

ৰাজ্যসভা আৰু লোকসভাত কেব আহিলে গৃহীত হোৱাৰ সম্ভাৱনা। ৪ বিৰোধী দলৰ সৈতে আমি কথা পাতিছো। বিলখন অন্তত ষ্টেণ্ডিং কমিটিলৈ যাতে যায় তাৰ বাবে চেষ্টা চলাবলৈ অনুৰোধ কৰিছো বুলিও মন্তব্য কৃষক মুক্তিৰ নেতাজনৰ। মাৰ্ঘেৰিটা আৰু লিডুৰ কয়লা ছিণ্ডিকেট সন্দৰ্ভত অনুষ্ঠিত সংবাদমেলত বিধায়ক সুৰেন ফুকনৰ কয়লা ছিণ্ডিকেট সন্দৰ্ভত কৰা ফেচবুক লাইভ প্ৰৰ্দশন কৰে গগৈয়ে।

মুখ্যমন্ত্ৰীক কয়লা ছিণ্ডিকেটৰ আটাইতকৈ ডাঙৰ খলনায়ক বুলিও আখ্যা দিয়ে কৃষক নেতাজনে। সুৰেন ফুকনে যদি মিছা মাতিছে তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰক অথবা যদি সঁচা হয় মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক বুলিও দাবী। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে কয়লা ছিণ্ডিকেট চলিছে আৰু কয়লাৰ ট্ৰাকে ৪ গৰাকী মানুহক মাৰি পেলোৱাটোও মুখ্যমন্ত্ৰীয়ে জগৰীয়া। পাটকাই পাহাৰত এতিয়াও ১৫০ টা ফকলেণ্ডত কয়লাৰ অবৈধ খনন চলি আছে। কয়লা মাফিয়াৰ পৰা আৰক্ষী প্ৰশাসনে ৫০ হাজাৰ-১ লাখকৈ টকা লৈছে আৰু দিছপুৰক মেনেজ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে সংবাদমেলত।

‘২৪ তাৰিখে সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত এতিয়াও ট্ৰাকখনৰ বা কয়লা মাফিয়াৰ ওপৰত ডিগবৈ থানাত গোচৰ ৰুজু হোৱা নাই। সাধাৰন এন্ট্ৰি দি থৈছে খালি। ফৰেষ্ট ৰিপৰ্টত কৈছে যে বিগত দুটা বছৰত ডিগবৈৰ সংৰক্ষিত বনাঞ্চলৰ পৰা কেইবাহাজাৰ কোটি টকাৰ কয়লা উলিয়াই লৈ যোৱা হৈছে।’- সংবাদমেলত মন্তব্য অখিল গগৈৰ। সংসদত কয়লা ছিণ্ডিকেটক লৈ প্ৰদ্যুত বৰদলৈ নিৰৱে থকা বিষয়টো ৰহস্যজনক। কয়লা ছিণ্ডিকেট বন্ধ নকৰিলে মুখ্যমন্ত্ৰীৰ ঘৰত ধৰ্ণা দিয়া হ’ব বুলিও কয় গগৈয়ে।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp