Home Khabar ৰাষ্ট্ৰীয় সাৱধান অসম; পশ্চিমবংগ পালেহি মহামাৰী কৰ’ণা

সাৱধান অসম; পশ্চিমবংগ পালেহি মহামাৰী কৰ’ণা

ব্ৰিটেইনৰ পৰা ওভতা এগৰাকী ১৮ বৰ্ষীয় যুৱকৰ দেহত ধৰা পৰিছে এই ভাইৰাছ

0
93

সাৱধানীৰ মৰণ নাই। বিশ্বৰ আগশাৰীৰ দেশ ইটালীৰ দৰে যদি আমি সাৱধান নহওঁ তেন্তে আমৰ দেশ তথা ৰাজ্যতো সংহাৰী তাণ্ডৱ চলাব মহামাৰী কৰ’ণাই। অসমবাসী অতি সাৱধান হোৱা প্ৰয়োজন। বৰ্তমানে চুবুৰীয়া সীমাভাগী ৰাজ্য পশ্চিমবংগ পাইছেহি কৰ’ণা।

পশ্চিম বংগত প্ৰথমজন লোক আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে। ব্ৰিটেইনৰ পৰা ওভতা এগৰাকী ১৮ বৰ্ষীয় যুৱকৰ দেহত ধৰা পৰিছে এই ভাইৰাছ। বৰ্তমানে যুৱকজনক আইছ’লেছন ৱাৰ্ডত ৰখা হৈছে ডাক্তৰৰ সুক্ষ্ম নিৰিক্ষণত।

আনহাতে ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৩৮জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ভিতৰত তিনিগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে। কৰ্ণাটক, দিল্লীৰ পিছত মহাৰাষ্ট্ৰত মৃত্যু ঘটিছে তৃতীয়গৰাকীৰ। মুম্বাইৰ কস্তুৰবা হাস্পতালত ৬৪ বছৰীয়া লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

Photo Credit: India Today