Skip to content

চীনৰ পিছতেই ইটালীত কৰ’ণাৰ কালৰূপ; ৩ এপ্ৰিললৈ ‘তলা বন্ধ’ ঘোষণা

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
৬০ নিযুত জনসংখ্যা থকা ইটালীত কৰ'ণা ভাইৰাছে এতিয়ালৈকে প্ৰাণ কাঢ়িলে ৪ শতাধিকৰো অধিক লোকৰ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

চীনৰ পিছতেই কৰ’ণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে ইটালীত। কৰ’ণা ভাইৰাছে সমগ্র ইটালীৰ অর্থনীতিত পেলাইছে বিৰূপ প্ৰভাৱ। ৬০ নিযুত জনসংখ্যা থকা ইটালীত কৰ’ণা ভাইৰাছে এতিয়ালৈকে প্ৰাণ কাঢ়িলে ৪ শতাধিকৰো অধিক লোকৰ। প্ৰধানমন্ত্ৰী গিউছেপে কণ্টেই ৩ এপ্ৰিললৈকে সমগ্ৰ ইটালীত তলা বন্ধ ঘোষণা কৰিছে। তলা বন্ধৰ নিয়ম অনুসৰি ইটালীত বন্ধ থাকিব বাণিজ্যিক প্ৰতিষ্ঠানসমূহ। বাতিল হৈছে সকলো ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা।

উত্তৰ প্ৰান্তৰ ১৬ নিযুত লোকক গৃহবন্দী হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। জনসমাগম হোৱা যিকোনো ক্ষেত্ৰ যেনে চিনেমা হল, থিয়েটাৰ, সংগ্ৰাহালয়,তাৰকাগৃহ, চিৰিয়াখানা, বিদ্যালয় তথা অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠান ৩ এপ্ৰিললৈ বন্ধ ৰখাৰ নিৰ্দেশ দিছে প্ৰশাসনে। উদযাপন কৰিব নোৱাৰিব ধৰ্মীয় তথা সাংস্কৃতিক কাৰ্যসূচী। এই নিষেধাজ্ঞা উলংঘা কৰাসকলক জৰিমনা বিহাৰ উপৰিও কাৰাদণ্ড দিয়া হ’ব বুলিও ঘোষণা কৰিছে গিউছেপে কণ্টেই।

Photo Credit: WKBN.com

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp