ধৰা পৰা নাই কৰ’ণা ভাইৰাছ, তথাপিও বন্ধ ৰখাৰ নিৰ্দেশ স্কুল–কলেজ! ভাৰতৰ কোন ৰাজ্যত এই পদক্ষেপ?

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
কৰ্ণাটকত মৃত্যু হ'ল ভাৰতৰ প্ৰথমজন কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ। ইয়াৰ পিছতেই অধিক আতংক বিয়পি পৰিছে ভাৰতত
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

কৰ’ণা ভাইৰাছে ক্ৰমাৎ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। আতংকিত হৈ পৰিছে সকলো। ভাৰতত এতিয়ালৈকে ৭৫জনৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ। কৰ্ণাটকত মৃত্যু হ’ল ভাৰতৰ প্ৰথমজন কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ। ইয়াৰ পিছতেই অধিক আতংক বিয়পি পৰিছে ভাৰতত।

এই সংহাৰী ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ছত্তীশগড় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ভূপেশ বাঘলে জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰি ৩১ মাৰ্চলৈ স্কুল–কলেজসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে ৰাজ্যখনত বুধবাৰলৈকে ৪৪জন লোকৰ নমুনা পৰীক্ষা কৰা হয় যদিও কোনো লোকৰ দেহত ধৰা পৰা নাই কৰ’ণা ভাইৰাছ।

Photo Credit: .financialexpress.com

Related Post