এতিয়া সমগ্ৰ বিশ্বতে মাথো কৰ’ণা ভাইৰাছৰ আতংক। চীনত উৎপত্তি হোৱা কৰ’ণা ভাইৰাছ বিশ্বৰ সকলো দেশলৈকে বিস্তাৰ ঘটি চকুৰ টোপনি কাঢ়িছে জনসাধাৰণৰ। কৰ’ণা ভাইৰাছৰ বাবে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে বিশ্বৰ মহাশক্তিধৰ দেশ আমেৰিকা। চীনৰ য়ুহানৰ পৰীক্ষাগাৰৰ পৰা কৰ’ণা ভাইৰাছৰ বিশ্বজুৰি বিস্তাৰ ঘটা বুলি অভিযোগ তুলি বেইজিং প্রশাসনৰ পৰা ক্ষতিপূৰণ দাবী কৰিছে আমেৰিকাই।
আমেৰিকাৰ এই দাবীক ইউৰোপৰ কেইবাখনো দেশে সমৰ্থন কৰিছে৷ কৰ’ণা ভাইৰাছ চীনে সৃষ্টি কৰা বুলি প্ৰমাণ পালে কঠোৰ শাস্তি বিহিম বুলি কিছুদিন পূৰ্বে হুমকিও দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ইফালে কৰ’ণা প্রতিৰোধত বিফল হোৱা বাবেই আমেৰিকাই সঘনে চীনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে বুলি মন্তব্য কৰিছে চীনে৷
Photo Credit: CNN.com