বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সকলো সৰ্ম্পক ছেদ কৰিলে আমেৰিকাই। কৰ’ণা ভাইৰাছৰ ক্ষেত্ৰত চীনৰ কথা মতেই বিশ্ব স্বাস্থ্য সংস্থাই কাম কৰাৰ বাবে ট্ৰাম্পৰ এই সিদ্ধান্ত।
আমেৰিকাই WHO ক বছৰি ৪৫০ বিলিয়ন ডলাৰৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি আহিছিল। কৰ’ণা ভাইৰাছ বিশ্বত বিয়পি পৰাৰ বাবে চীনৰ ওপৰত বিশ্ব স্বাস্থ্য সংস্থাই কোনো ব্যৱস্থা নোলোৱাৰ বাবে ট্ৰাম্প চৰকাৰ কঠোৰ হয় WHOৰ ওপৰত।
ইতিপূৰ্বে সাহাৰ্য্য প্ৰদানো বন্ধ কৰি দিছিল আমেৰিকাই। দেশখনৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভাষ্য সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা এই কৰ’ণা ভাইৰাছ চীনে মুকলি কৰি দিয়াৰ পাছত WHOৰ পৰা চীনক বহিস্কাৰ কৰি দিব লাগিছিল।