17 C
Guwahati
Friday, December 13, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম অসমৰ একমাত্ৰ জাতীয়তাবাদী দল AIUDF;অসমীয়া ভাষা,সংস্কৃতি ৰক্ষাৰ্থে একমাত্ৰ AIUDF দলেই যুঁজি...

    অসমৰ একমাত্ৰ জাতীয়তাবাদী দল AIUDF;অসমীয়া ভাষা,সংস্কৃতি ৰক্ষাৰ্থে একমাত্ৰ AIUDF দলেই যুঁজি যাবঃ আমিনুল ইছলাম

    অসমৰ জাতীয় দল বুলি জাহিৰ কৰা অগপে ইতিমধ্যে নেগুৰ পেলাই বিজেপিৰ পক্ষ লৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে ব্ৰহ্মপুত্ৰ উপত্যকাত এটা স্থিতিৰ বিপৰীতে বৰাকত বিপৰীত স্থিতি লোৱা দেখা গৈছে

    অসম আৰু অসমীয়াৰ একমাত্ৰ জাতীয়তাবাদী দল হৈছে AIUDF। কেন্দ্ৰ তথা বিজেপি চৰকাৰে অসমত CAB জাপি দিয়াৰ প্ৰসংগত ধিং সমষ্টিৰ বিধায়ক আলহাজ আামিনুল ইছলামে অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। CAB অহাৰ লগে লগে অসমত অসমীয়া ভাষা,সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব। কিয়নো নতুন ৰূপত CAB আহিলে অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত কাৰ্বি আংলং,বিটিএডি আদি অঞ্চলত সংস্থাপিত নহ’ব হিন্দু বাংলাদেশী। যাৰ ফলত অসমৰ সমতল ভূমি অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকাতে লাখ লাখ হিন্দু বিদেশী সংস্থাপিত হ’ব।

    Video: Time8

    ফলশ্ৰুতিত অসমত অসমীয়া জাতি আৰু ভাষা সংকটত পৰিব। সংখ্যালঘূত পৰিণত হ’ব অসমীয়া। কিন্তু অতি পৰিতাপৰ কথা যে , অসমৰ জাতীয় দল বুলি জাহিৰ কৰা অগপে ইতিমধ্যে নেগুৰ পেলাই বিজেপিৰ পক্ষ লৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে ব্ৰহ্মপুত্ৰ উপত্যকাত এটা স্থিতিৰ বিপৰীতে বৰাকত বিপৰীত স্থিতি লোৱা দেখা গৈছে । গতিকে অসমীয়া ভাষা,সংস্কৃতি ৰক্ষাৰ্থে একমাত্ৰ AIUDF দলেই যুঁজি যাব। সোমবাৰে ধিং সমষ্টিৰ বিলতীয়া আৰু কান্ধুলিমাৰী পঞ্চায়তত ১৭ টাকৈ চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এনেদৰে মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে।

    Published: