Skip to content

৪ মাহত অযোধ্যাত নিৰ্মাণ হ’ব আকাশলংঘী ৰাম মন্দিৰঃ অমিত শ্বাহ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
অমিত শ্বাহে ক'লে যে কিছু সময় পূৰ্বে উচ্চতম ন্যায়ালয়ে অযোধ্যাক লৈ সিদ্ধান্ত গ্ৰহণ কৰে, ১০০ বছৰ ধৰি বিশ্বজুৰি ভাৰতীয় লোকসকলে দাবী কৰিছিল যে ৰাম জন্মভূমিত ৰাম মন্দিৰ নিৰ্মাণ হ'ব লাগে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Breaking: Northeast areas under controversial law AFPSA reduced in three states
Union Home Minister Amit Shah | File

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনক লৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে পাকুৰত জনসভা সম্বোধন কৰি ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত বৃহৎ মন্তব্য কৰে। অমিত শ্বাহে জনসভাত ৰাম মন্দিৰ নিৰ্মাণৰ সময়ো উল্লেখ কৰে। শ্বাহে ক’লে যে ৪ মাহৰ ভিতৰত ৰাম মন্দিৰ নিৰ্মাণ হ’ব।

অমিত শ্বাহে ক’লে যে কিছু সময় পূৰ্বে উচ্চতম ন্যায়ালয়ে অযোধ্যাক লৈ সিদ্ধান্ত গ্ৰহণ কৰে, ১০০ বছৰ ধৰি বিশ্বজুৰি ভাৰতীয় লোকসকলে দাবী কৰিছিল যে ৰাম জন্মভূমিত ৰাম মন্দিৰ নিৰ্মাণ হ’ব লাগে। দশক ধৰি ৰাম মন্দিৰ নিৰ্মাণৰ পুৰণি দাবীৰ কথা উচ্চাৰণ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ক’লে যে সকলোৱে ৰাম মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছিল, কিন্তু কংগ্ৰেছ আৰু তেওঁলোকৰ অধিবক্তাই আদালতত আগভেটি ধৰিছিল। শ্বাহে ক’লে যে, কংগ্ৰেছৰ নেতা আৰু অধিবক্তা কপিল ছিব্বলে আদালতত কৈছিল যে বৰ্তমান গোচৰটো উত্থাপন নকৰিব।

কংগ্ৰেছৰ বিৰুদ্ধে গোচৰটোত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি অমিত শ্বাহে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ সময়ো উল্লেখ কৰিলে। শ্বাহে ক’লে যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত আহি গৈছে, ৪ মাহৰ ভিতৰত অযোধ্যাত আকাশলংঘী প্ৰভু ৰাম মন্দিৰ নিৰ্মাণ হ’ব।

ৰাম মন্দিৰসহ আন বহুকেইটা বিষয় সন্দৰ্ভত অমিত শ্বাহে ক’লে যে কংগ্ৰেছে বিকাশ কৰিব নোৱাৰে, দেশক সুৰক্ষিত কৰিব নোৱাৰে আৰু দেশৰ জনতাৰ ভাৱনাৰ সন্মানো কৰিব নোৱাৰে।

Photo credit: deccanherald.com

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp