অভিনয়ৰ পৰা এইবাৰ পৰিচালক; জীৱনৰ প্ৰথমখন বোলছবি পৰিচালনা কৰিব অমিতাভ বচ্চনে

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
প্ৰযোজক আনন্দ পণ্ডিতৰ প্ৰযোজনাত ২০২০ৰ ২১ ফেব্ৰুৱাৰীত মুক্তি পাব ছবিখনে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo Credit: timesofindia
Photo Credit: timesofindia

৬০ বছৰীয়া এক অভিনয়ৰ যাত্ৰা । ভাৰতৰ সকলো চিনেপ্ৰেমিৰ মাজত এই ৬০ বছৰে ৰাজত্ব কৰা এজন বলিষ্ঠ অভিনেতা । নামেই যাৰ পৰিচয়, অমিতাভ বচ্চন । মাজতে ওলোৱা অৱসৰৰ কথা মিছা বুলি প্ৰমাণ কৰিবলৈ এইবাৰ অভিনয়ৰ লগতে নামিছে পৰিচালনা কৰা পথাৰতো ।

ইয়াৰ পূৰ্বে প্ৰযোজক আৰু সহ প্ৰযোজক হিচাপে কাম কৰিলেও পৰিচালক হিচাপে এইয়া হ’ব তেওঁৰ জীৱনৰ প্ৰথমখন বোলছবি । বৰ্তমানে ‘ব্ৰহ্মাস্ত্ৰ’ বোলছবিৰ কামত ব্যস্ত থকা অভিনেতা জনে ইয়াৰ পিছত ব্যস্ত হৈ পৰিব ‘চেহেৰে’ বোলছবি খনৰ কামত । আৰু সেই ছবি খনতেই নিজৰ পৰিচালনাৰ দক্ষতা দেখুৱাব বৰ্ষীয়ান অভিনেতা জনে ।

প্ৰযোজক আনন্দ পণ্ডিতৰ প্ৰযোজনাত ২০২০ৰ ২১ ফেব্ৰুৱাৰীত মুক্তি পাব লগা এই ছবিখন প্ৰকৃততে পৰিচালনা ৰূমি জাফৰিৰ । পিছে ছবিখনৰ শেষৰটো দৃশ্য পৰিচালনা কৰাব বৰ্ষীয়ান অভিনেতা জনৰ দ্বাৰা ।

এই বিষয়ে জানিবলৈ দিয়ে ছবিখনৰ প্ৰযোজক আনন্দ পণ্ডিতে । অমিতাভৰ ছবি পৰিচালনা কৰাৰ সপোন পুৰণ কৰাৰ মানসেৰেই এইদৰে ভাবিছে অভিনেতা জনৰ অন্যতম অনুৰাগী আনন্দ পণ্ডিতে ।

Related Post