23 C
Guwahati
Tuesday, May 18, 2021
More

    বিগ বি অমিতাভ বচ্চনক দিয়া হ’ব ‘দাদা চাহেব ফালকে’ সন্মান!

    টুইটাৰযোগে কেন্দ্ৰীয় তথ্য-সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে প্ৰকাশ কৰিছে এই কথা। লগতে অভিনেতাগৰাকীক শুভেচ্ছাও জনাইছে কেন্দ্ৰীয় মন্ত্ৰীজনে

    ‘দাদা চাহেব ফালকে’ বঁটাৰ বাবে মনোনীত কৰা হৈছে জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন। টুইটাৰযোগে কেন্দ্ৰীয় তথ্য-সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে প্ৰকাশ কৰিছে এই কথা। লগতে অভিনেতাগৰাকীক শুভেচ্ছাও জনাইছে কেন্দ্ৰীয় মন্ত্ৰীজনে।

    ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটা প্ৰজন্মক অনুপ্ৰেৰিত কৰিছে অমিতাভ বচ্চনে। সেই বাবেই ‘দাদা চাহেব ফালকে’ সন্মানৰ বাবে নিৰ্বাচিত কৰা হৈছে অমিতাভ বচ্চনক আৰু খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া উত্ফুল্লিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING