Skip to content

দেশত সংকট; মাতৃত্বকালীন ছুটী নোলোৱাকে কোলাত এমহীয়া সন্তানক লৈ দায়িত্ব পালন চৰকাৰী বিষয়াৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
চৰকাৰী বিষয়াগৰাকীৰ দায়িত্ব তথা কৰ্তব্যবোধ দেশজুৰি চৰ্চিত হৈছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

সমগ্ৰ বিশ্বতে অলপো কমা নাই কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস। বৰং দিনে দিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। বৃদ্ধি পাইছে প্ৰতিদিনে মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা।দেশত কৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ জাৰি কৰা হ’ল ২১ দিনীয়া লক ডাউন। জৰুৰীকালীন সেৱাত নিয়োজিত লোকৰ বাহিৰে সকলো লোক হৈ পৰিল গৃহবন্দী। জৰুৰীকালীন সেৱাত নিয়োজিত কৰ্মচাৰীসকলে পালন কৰিবলগীয়া হৈছে নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰি চলাই গৈছে কৰ’ণাৰ বিৰুদ্ধে যুঁজ।

দেশৰ এই সংকটকালতে এগৰাকী চৰকাৰী বিষয়াৰ দায়িত্ব তথা কৰ্তব্যবোধ দেশজুৰি চৰ্চিত হৈছে। বিশাখাপট্টনমৰ পৌৰ আয়ুক্ত হিচাপে কৰ্মৰত সৃজনা গোম্মালা নামৰ মহিলাগৰাকীয়ে এতিয়া কোলাত নিজৰ এমহীয়া সন্তানলৈয়ে পালন কৰিছে নিজৰ দায়িত্ব।

দেশলৈ অহা এনে অনাকাংক্ষিত পৰিস্থিতিৰ বাবে চৰকাৰী মহিলা বিষয়াগৰাকীয়ে এদিনৰ বাবেও নল’লে মাতৃত্বকালীন ছুটী। বিষয়াগৰাকীৰ এই ত্যাগক প্ৰশংসা কৰি কৰ্ণাটকৰ বিজেপি নেতা বি এল সন্তোষে টুইট কৰি লিখিছে-”আমাৰ দেশ ভাগ্যৱান এনেকুৱা এগৰাকী কৰ’ণাৰ বিৰুদ্ধে যুঁজা যোদ্ধা লাভ কৰি।”

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp