25 C
Guwahati
Monday, June 14, 2021
More

    টুইটাৰত কিয় ট্ৰেণ্ড হ’বলৈ ধৰিছে #BoycottPataallok?

    শ্ব'টোৰ কেইবাটাও দৃশ্যাংশই তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত

    অভিনেত্ৰী অনুষ্কা শৰ্মা অভিনীত ৱেব ছিৰিছ পাতাল লোক কিছুদিন পূৰ্বে মুক্তি পাইছে। ৰিলিজ হোৱাৰ পিছৰে পৰা সমস্যাই লগ নেৰা হৈছে ৱেব ছিৰিছখনৰ। শ্ব’টোৰ কেইবাটাও দৃশ্যাংশই তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত। কেইবাটাও স্থানত গোচৰ ৰুজু কৰাও দৃষ্টিগোচৰ হৈছে। আজি পুৱাৰে পৰা ৱেব ছিৰিছখন বয়কট কৰাৰ দাবী জনোৱা হৈছে।

    ছচিয়েল মিডিয়াত ট্ৰেণ্ড হ’বলৈ ধৰিছে #BoycottPataallok । অনুষ্কা শৰ্মাক ইয়াকে লৈ ট্ৰল কৰিবলৈ আৰম্ভ কৰিছে। শ্ব’টোৱে সমাজৰ শান্তি আৰু সৌজন্য নষ্ট কৰা বুলি অভিযোগ উত্থাপন হৈছে। পাতাল লোকত আৰক্ষীৰ ভুল ছবি দাঙি ধৰা, হিন্দু বিৰোধী, ব্রাহ্মণ বিৰোধীৰ দৃশ্যাংশ দেখুওৱাৰ অভিযোগ। পাতাল লোকৰ আঁৰত OTT প্লেটফৰ্মত ৱেব ছিৰিছৰ কনণ্টেট ৰেগুলেট কৰাৰ দাবী জনোৱা হৈছে। ইয়াৰ বাবে আমেজন প্ৰাইমৰ এই ৱেৱছিৰিছৰ বাবে বিভিন্নজনে নেটফ্লিক্সৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰিছে।

    পাতাল লোকৰ বিৰোধীসকলৰ মতে ছবিখনত ত্যাগী, গুৰ্জৰ সমাজৰ ভুল ছবি দেখুৱাইছে। হিন্দুৱে মুছলমান লোকক Mob lynching কৰা বুলি দেখুওৱা হৈছে ছিৰিছখনত। হিন্দু দেৱী-দেৱতাৰ সন্মুখত মন্দিৰ আৰু আশ্ৰমত মাছ-মাংসৰ দৰে খাদ্য খোৱা দেখুওৱা হৈছে। মুছলমানসকলৰ চৰিত্ৰ ভাল আৰু সঁচা তথা ধাৰ্মিকভাৱে নিৰ্যাতন কৰা বুলিও ছিৰিছখনত দেখুওৱা হৈছে। ইফালে CBIৰো অগ্ৰহণযোগ্য ৰূপ দেখুঁওৱা হৈছে।

    ইয়াৰ পূৰ্বে অধিবক্তা গিল্ড মেম্বাৰৰ সদস্য তথা অধিবক্তা বীৰেণ সিং গুৰুঙে নিৰ্মাতা অনুষ্কা শৰ্মালৈ জাননী প্ৰেৰণ কৰি এই বেৱ ছিৰিছক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ কৈছিল যে বেৱ ছিৰিছত জাতিসূচক শব্দৰ ব্যৱহাৰ হৈছে আৰু ইয়াৰ বাবে গোৰ্খা সম্প্ৰদায়ৰ লোকৰ অপমান হৈছে। গোৰ্খা সম্প্ৰদায়ৰ লোক কোনো চৰ্ত নোহোৱাকৈ ক্ষমাৰ দাবী জনাইছে।

    ইয়াৰ পিছত গাজিয়াবাদৰ লোনীৰ বিজেপি বিধায়ক নন্দকিশোৰ গুৰ্জৰে ৱেব ছিৰিজক লৈ লোনী আৰক্ষী থানাত অনুষ্কাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। অনুমতি নোলোৱাকৈ শ্ব’টোৰ এটা দৃশ্যাংশত তেওঁৰ ফটো এজন ৱাণ্টেড মাফিয়াৰ সৈতে ব্যৱহাৰ কৰা হৈছে। বিধায়কগৰাকীয়ে অনুষ্কা শৰ্মাৰ বিৰুদ্ধে ৰাছুকাৰ অাধাৰত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। তেওঁৰ মতে অনুষ্কাই পাকিস্তানক সন্ত্ৰাসবাদীৰ দেশৰ পদৰ পৰা মুক্ত কৰাৰ চেষ্টা চলাইছে আৰু ভাৰতক অপমান কৰিছে।

    Photo credit: filmibeat.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING