27 C
Guwahati
Sunday, May 16, 2021
More

    লকডাউনক লৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰাইজৰ পৰা বিচাৰিলে পৰামৰ্শ, ক’লে- ইয়াৰ পিছতহে লোৱা হ’ব সিদ্ধান্ত

    অনুগ্ৰহ কৰি আপোনাৰ পৰামৰ্শ মোক কাইলৈ সন্ধিয়া ৫ বজালৈ এই নম্বৰত 8800007722 whatsapp কৰক। অথবা 1031 নম্বৰত ফোন কৰি আপোনালোকৰ পৰামৰ্শ ৰেকৰ্ড কৰক

    লকডাউন সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰাইজৰ পৰা বিচাৰিলে পৰামৰ্শ। কেজৰিৱালে ক’লে যে পৰামৰ্শ পোৱাৰ পিছতহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ক’লে যে ১৭ মে’ৰ পিছত দিল্লীত লকডাউনৰ সময়ছোৱাত ৰেহাই প্ৰদান কৰিব লাগে নে নালাগে? কিমান ৰেহাই প্ৰদান কৰিব লাগে? অনুগ্ৰহ কৰি আপোনাৰ পৰামৰ্শ মোক কাইলৈ সন্ধিয়া ৫ বজালৈ এই নম্বৰত 8800007722 whatsapp কৰক। অথবা 1031 নম্বৰত ফোন কৰি আপোনালোকৰ পৰামৰ্শ ৰেকৰ্ড কৰক।

    উল্লেখ্য যে ১৭ মে’ত তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়সীমা সমাপ্ত হ’ব। ইয়াৰ পূৰ্বে সোমবাৰে আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ৬ ঘণ্টাজোৰা বৈঠক অনুষ্ঠিত কৰে।

    প্ৰধানমন্ত্ৰী মোদীয়ে ১৫ মে’লৈ প্ৰতিখন ৰাজ্যৰ পৰা ব্লুপ্ৰিণ্ট বিচাৰিছে। আৰু এতিয়া সেই সন্দৰ্ভতে দিল্লীৰ ৰাইজৰ ফালৰ পৰা পৰামৰ্শ বিচাৰিছে। কিন্তু ইয়াৰ মাজতে কেজৰিৱালে ক’লে যে এয়া কোনো ভোটিং প্ৰক্ৰিয়া নহয়। এয়া কেৱল পৰামৰ্শ হিচাপতহে গ্ৰহণ কৰা হ’ব আৰু এই সন্দৰ্ভত বিশেষজ্ঞৰো সহায় লোৱা হ’ব।

    Photo credit: www.abplive.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING