22 C
Guwahati
Sunday, November 17, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় আমাৰ দানৰ প্ৰয়োজন নাই; মছজিদৰ চুক্তি কৰিব নোৱাৰেঃ আছাদুদ্দিন অৱেছী

    আমাৰ দানৰ প্ৰয়োজন নাই; মছজিদৰ চুক্তি কৰিব নোৱাৰেঃ আছাদুদ্দিন অৱেছী

    আছাদুদ্দিন অৱেছীয়ে লগতে ক'লে যে আমি ৫ একৰ অফাৰটো নাকচ কৰিব লাগে। এই দেশখন বৰ্তমান হিন্দুৰাষ্ট্ৰৰ দিশ গ্ৰহণ কৰিছে বুলি অভিযোগ উত্থাপন কৰে অৱেছীয়ে

    অযোধ্যা বিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান সন্দৰ্ভত AIMIM প্ৰধান আছাদুদ্দিন অৱেছীৰ প্ৰশ্ন উত্থাপন। অৱেছীয়ে ক’লে যে মুছলিম পাৰ্ছনেল ল’ বৰ্ডৰ দৰে আমিও এই সিদ্ধান্তৰ সৈতে একমত নহয়, উচ্চতম ন্যায়ালয়েও ভুল কৰিব পাৰে। যিয়ে বাবৰি মছজিদ ভাঙিছে, তেওঁলোককে ট্ৰাষ্ট গঠন কৰি ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ দায়িত্ব প্ৰদান কৰিছে।

    আছাদুদ্দিন অৱেছীয়ে ক’লে যে যদি সেই স্থানত মছজিদ থাকিলে হয় উচ্চতম ন্যায়ালয়ৰ কি সিদ্ধান্ত হল হয়। এয়া আইনবিৰোধী। বাবৰি মছজিদ নাভাঙিলে সিদ্ধান্ত কি আহিল হয়। আমি ভাৰতীয় সংবিধানক বিশ্বাস কৰো। আমি নিজৰ অধিকাৰৰ বাবে যুঁজি আছো। ৫ একৰ ভূমিৰ দান আমাৰ দানৰ প্ৰয়োজন নাই। মুছলমান লোকসকল দুখীয়া হয় কিন্তু মছজিদ নিৰ্মাণ কৰিবলৈ আমি পইচা সংগ্ৰহ কৰিব পাৰো।

    আছাদুদ্দিন অৱেছীয়ে লগতে ক’লে যে আমি ৫ একৰ অফাৰটো নাকচ কৰিব লাগে। এই দেশখন বৰ্তমান হিন্দুৰাষ্ট্ৰৰ দিশ গ্ৰহণ কৰিছে বুলি অভিযোগ উত্থাপন কৰে অৱেছীয়ে। RSS-এ অযোধ্যাৰ পৰা ইয়াৰ আৰম্ভণি কৰিছে আৰু NRC, CABৰে ইয়াক সম্পূৰ্ণ কৰা হ’ব।

    LIVE: AIMIM President and Hyderabad MP Barrister Asaduddin Owaisi addressing a press conference in Hyderabad.

    Posted by Asaduddin Owaisi on Saturday, November 9, 2019

    আছাদুদ্দিন অৱেছীয়ে ক’লে যে RSS আৰু কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বলি হৈ বাবৰিক ধ্বংস কৰা হ’ল আৰু উচ্চতম ন্যায়ালয়ৰ সৈতে ঠগবাজি কৰিলে। মছজিদক লৈ কোনোধৰণৰ চুক্তি কৰিব নোৱাৰি। মই নিজৰ ঘৰৰ ক্ষেত্ৰত চুক্তি কৰিব পাৰো কিন্তু মছজিদৰ ভূমিৰ সৈতে নোৱাৰো।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...