এগৰাকী বিশেষভাৱে সক্ষম যুৱক ৷ নাম তেওঁৰ পাপুল শৰ্মা ৷ নগাঁও জিলাৰ ৰাইদঙীয়াত ঘৰ পাপুল শৰ্মাৰ ৷ পিতৃৰ বিয়োগৰ পাছত মাতৃৰ সৈতে জীৱন অতিবাহিত কৰা পাপুলৰ মনত সৰুৰে পৰাই হেঁপাহ এগৰাকী ভাল পাঞ্জা খেলুৱৈ হোৱাৰ ৷ সেইবাবেই পাপুলে শাৰীৰিক বাধাকো নেওচি দোপতদোপে আগুৱাই গৈছিল ক্ৰীড়া জগতত ৷
ৰাজ্যিক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰি ৰাজ্যৰ লগতে নিজা জন্মভূমি নগাঁওলৈ গৌৰৱ কঢ়িয়াই অনা পাপুল আজি দিশহাৰা, কাৰণ আৰ্থিক অনাটনৰ বাবে ইচ্ছা আৰু সক্ষমতা থকা পাছতো বিভিন্ন সময়ত নিমন্ত্ৰন পোৱাৰ পাছতো ভাগ ল’বলৈ অসমৰ্থ এইজন প্ৰতিভাসম্পন্ন খেলুৱৈ ৷

ৰাজ্য চৰকাৰে বিভিন্ন সময়ত ক্ৰীড়াক্ষেত্ৰত ঘোষণা কৰা অভিলাষী আঁচনিয়ে ঢুকি নাপায় পাপুলহঁতৰ দৰে প্ৰতিভাসম্পন্ন খেলুৱৈক ৷ নিজাববীয়াকৈ বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলেও গুৰুত্ব নিদিয়া অভিযোগ ক্ৰীড়াবিদগৰাকীৰ ৷ নিৰুপায় পাপুলৰ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ অনুৰোধ কিছু হ’লেও আৰ্থিকভাৱে সহায় আগবঢ়াই ক্ৰীড়াক্ষেত্ৰত আগুৱাই যোৱাত সহায় কৰে যেন।
Photo Credit:@hemenraja