অত্যাৱশ্যকীয় সেৱা পৰিচালনা(অসম) আইন, ১৯৮০ৰ অধীনত জনসাধাৰণৰ হিতাৰ্থে ৰাষ্ট্ৰীয় তাপ-বিদ্যুৎ নিগম পৰিসীমিত খণ্ডত ধৰ্মঘট নিষিদ্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। ৰাষ্ট্ৰীয় তাপ-বিদ্যুৎ নিগম পৰিসীমিত খণ্ডত নিয়োজিত বিষয়া, কৰ্মচাৰী, ঠিকাভিত্তিক শ্ৰমিক, টেংকাৰ চালক আৰু খালাচীৰ দ্বাৰা ধৰ্মঘট কাৰ্যসূচীত নিষেধাজ্ঞা প্ৰদান কৰিছে চৰকাৰে।
এই নিৰ্দেশ ২৩ ছেপ্টেম্বৰৰ পৰা প্ৰযোজ্য হৈছে আৰু পৰৱৰ্তী আদেশ নিদিয়ালৈকে আগন্তুক ৬ মাহলৈ বাহাল থাকিব।
Photo credit: indianpowersector.com