অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ নিৰ্বাচন সমিতিয়ে সমাগত নিৰ্বাচনত বিভিন্ন পদত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। বুধবাৰে সভাৰ গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত নিৰ্বাচন সমিতিৰ মুখপাত্ৰ বিজন কুমাৰ মহাজনে ঘোষণা কৰে সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মুঠ ১৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰ-প্ৰত্ৰ বৈধ।
পদ অনুসৰি প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ নাম ক্ৰমে সভাপতি পদৰ প্ৰাৰ্থীসকল ড০ বসন্ত কুমাৰ গোস্বামী, সূৰ্যকান্ত হাজৰিকা, পখিলা কলিতা, কুলধৰ শইকীয়া, ড০ কৰবী ডেকা হাজৰিকা, ড০ জয়শ্ৰী গোস্বামী মহন্ত আৰু প্ৰহ্লাদ চন্দ্ৰ তাছা।
উপ-সভাপতি পদৰ প্ৰাৰ্থীসকল ৰতিমোহন নাথ, মৃণালিনী দেৱী, পদুমী গগৈ আৰু ড০ বসন্ত কুমাৰ শৰ্মা। প্ৰধান সম্পাদকৰ পদৰ প্ৰাৰ্থীসকলৰ নাম ক্ৰমে যাদৱচন্দ্ৰ শৰ্মা, হৰেন্দ্ৰ কলিতা আৰু দেৱজিত বৰা।
১ নৱেম্বৰৰ পৰা জিলা আৰু শাখা পৰ্যায়ত ডাকযোগে ভোটপত্ৰ প্ৰেৰণ আৰু ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ’ব। ১০ ডিচেম্বৰত ভোটদান সমাপ্ত হোৱাৰ লগে লগে বিয়লি ৪ বজাত নিৰ্বাচনী বিষয়াৰ উপস্থিতিত ভোট বাকচসমূহ বন্ধ কৰা হ’ব আৰু পানবজাৰ থানাত আৰক্ষীৰ নিৰাপত্তাত ভোট বাকচসমূহ ৰখা হ’ব। সংবাদমেলত এই মন্তব্য নিৰ্বাচন সমিতিৰ মুখপাত্ৰৰ।
১৫ ডিচেম্বৰত পুৱা ৭ বজাৰ ভিতৰত পানবজাৰ থানাৰ পৰা আৰক্ষীৰ নিৰাপত্তাসহ ভোট বাকচসমূহ সভাৰ সপ্তম কাৰ্যনিৰ্বাহক অধিৱেশনস্থলীলা লৈ যোৱা হ’ব আৰু কাৰ্যনিৰ্বাহক সভাত নিৰ্বাচনী সমিতিয়ে ভোট গণনা কৰি ফলাফল ঘোষণা কৰিব।