24 C
Guwahati
Saturday, June 19, 2021
More

    প্ৰতিদিনে ১২০০ কেজি ঘাঁহ উৎপাদন হ’ব ৰাজ্যিক চিৰিয়াখানাত ,পিছে কেনেকৈ?

    বৃহস্পতিবাৰে অসম ৰাজ্যিক চিৰিয়াখানা আৰু গুৱাহাটী শোধনাগাৰৰ মাজত স্বাক্ষৰিত হয় এক বুজাবুজিৰ চুক্তি

    বৃহস্পতিবাৰে অসম ৰাজ্যিক চিৰিয়াখানা আৰু গুৱাহাটী শোধনাগাৰৰ মাজত স্বাক্ষৰিত হয় এক বুজাবুজিৰ চুক্তি৷ এই চুক্তি অনুসৰি গুৱাহাটী ৰিফাইনাৰীয়ে CSRৰ অধীনত চিৰিয়াখানাক প্ৰদান কৰিছে ৩১ লাখ ২৯ হাজাৰ ৩৯৫ টকাৰ চেক৷ চিৰিয়াখানাৰ সেউজীকৰণ আৰু বিভিন্ন উন্নয়নমূলক কামত খৰছ কৰা হ’ব এই ধন৷ এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, বন বিভাগৰ প্ৰিঞ্চিপাল চীফ কনজাৰভেটৰ ড৹ এ এম সিং, চীফ ৱাইল্ডলাইফ ৱাৰ্ডেন এম কে যাদৱ আৰু IOCL গুৱাহাটী শোধানাগাৰৰ কাৰ্যবাহী সঞ্চালক সঞ্জয় মানচণ্ডা, চিৰিয়াখানাৰ DFO তেজস মৰিস্বামীকে ধৰি বহু বিশিষ্ট ব্যক্তি৷

    চুক্তি অনুসৰি প্ৰতিদিনে ১২০০ কেজি ঘাঁহ উৎপাদন হ’ব চিৰিয়াখানাত। এই যন্ত্ৰটোক ঘাঁহ উৎপাদন কৰিবলৈ কেৱল পানী আৰু বিদ্যুৰ প্ৰয়োজন হ’ব। লগতে ঠাণ্ডা বৃদ্ধি হোৱাৰ কাৰণে জন্তুৰ বাবে হিটাৰৰ ব্যৱস্থাও কৰিছে বনমন্ত্ৰীয়ে। আনহাতে পূৰ্বৰ তুলনাত কিছু পৰিমানে দৰ্শক কৰিছে, যাৰ বাবে আৰু নতুন জন্তু আনিব বুলি সদৰি কৰে মন্ত্ৰী শুক্লবৈদ্যই। ইয়াৰ বাবে ইতিমধ্যেই দুটা জিৰাফ অনা হৈছে । পিছলৈ আৰু এটা নতুন জিৰাফ লগতে দুটা জেব্ৰাও অনা হ’ব বুলি কয় অসম ৰাজ্যিক চিৰিয়াখানাত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING