22 C
Guwahati
Sunday, November 17, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম ১০ নৱেম্বৰত অনুষ্ঠিত হ'ব টেট পৰীক্ষা, কি কি নিয়ম বলবৎ হ'ব পৰীক্ষাত

    ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব টেট পৰীক্ষা, কি কি নিয়ম বলবৎ হ’ব পৰীক্ষাত

    ২০১০ৰ পিছত প্ৰথমবাৰলৈ বৃহৎ আকাৰত অনুষ্ঠিত হ'ব টেট পৰীক্ষা

    ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া টেট পৰীক্ষাক লৈ ছেবাৰ সংবাদমেল। ছেবাৰ অধ্যক্ষ আৰ চি জৈনে সম্বোধন কৰে সংবাদমেলখন। মুঠ ৫৮৭টা কেন্দ্ৰত অনুষ্ঠিত হ’ব এইবাৰৰ টেট পৰীক্ষা। নিম্ন প্ৰাথমিক পৰীক্ষাৰ্থীৰ সংখ্যা ২৩০৪৮২ আৰু উচ্চ প্ৰাথমিকত অৱতীৰ্ণ হ’ব ১৬৬০৭৯ গৰাকী পৰীক্ষাৰ্থী। এই কথা জনালে ছেবাৰ অধ্যক্ষগৰাকীয়ে।

    এইবাৰ পৰীক্ষাকেন্দ্ৰতহে প্ৰশ্নৰ টোপোলা খুলিব পাৰিব নিৰীক্ষকে। আনহাতে শিক্ষাৰ্থীৰ লগতে কোনো নিৰীক্ষকেও পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ব্যবহাৰ কৰিব নোৱাৰিব মোবাইল। ২০১০ৰ পিছত প্ৰথমবাৰলৈ বৃহৎ আকাৰত অনুষ্ঠিত হ’ব টেট পৰীক্ষা। দুজন পৰীক্ষাৰ্থীৰ পৰা চহী ল’ব লাগিব নিৰীক্ষকে। ৫০-৬০ শতাংশ পৰীক্ষাকেন্দ্ৰত ব্যৱহাৰ কৰা হ’ব জামাৰ। সংবাদমেলত এই কথা জনালে ছেবাৰ অধ্যক্ষই।

    পৰীক্ষাকেন্দ্ৰবোৰত নিম্ন প্ৰাথমিক পৰীক্ষা আৰম্ভ হ’ব পুৱা ৮.৩০ বজাত আৰু উচ্চ প্ৰাথমিক পৰীক্ষা আৰম্ভ হ’ব ১২.৩০ বজাৰ পৰা। পৰীক্ষা কেন্দ্ৰবোৰৰ নিৰাপত্তাৰ দায়িত্ব থাকিব জিলাৰ উপায়ুক্ত, মহকুমাধিপতি আৰু আৰক্ষীৰ থানাসমূহৰ হাতত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...