চলন্ত ৰেল’ৰ পৰা সন্ধানহীন হ’ল অসমৰ যুৱক। পশ্চিমবংগৰ হাওৰা ষ্টেচনৰ পৰা সন্ধান নোহোৱা হ’ল চাহজাহান আলী নামৰ ৰঙিয়াৰ যুৱকজনৰ। চেন্নাইৰ পৰা গুৱাহাটী অভিমুখী ৰেলেৰে আহি আছিল চাহজাহান আলী।
৩ দিন পূৰ্বে বিপদত পৰা বুলি পৰিয়াললৈ ফোনযোগে জনাইছে চাহজাহান আলীয়ে। তাৰ পিছৰে পৰা মোবাইল ছুইট্ছ অফ হৈ পৰে চাহজাহান আলীৰ আৰু ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। যুৱকজন কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহত আৰক্ষীৰ কাষ চাপিছিল পৰিয়ালৰ লোক তথা ওচৰ চুবুৰীয়া কিন্তু ঘটনা সন্দৰ্ভত তুলসীবাৰী আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে।