বাহুবলী–২ ৰ অভিলেখ ভংগ কৰিলে জুবিনৰ ‘কাঞ্চনজংঘা’ই

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
এই হিচাপত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হ’ল কাঞ্চনজংঘা
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

অসমত বাহুবলী–২ ৰ ৰেকৰ্ড ভংগ কৰিলে কাঞ্চনজংঘাই। সৰ্বাধিক উপাৰ্জনকাৰী অসমীয়া চিনেমা কাঞ্চনজংঘা। দাক্ষিণাত্য ছবিৰ অভিনেতা প্ৰভাশৰ ছবি বাহুবলী–২ ৰ অসমত উপাৰ্জন আছিল ৫ কোটি টকা। ইয়াৰ বিপৰীতে বাহুবলী–২ ৰ সৰ্বাধিক উপাৰ্জনৰ ঘৰ অতিক্ৰম কৰিলে জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাই। এই হিচাপত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হ’ল কাঞ্চনজংঘা।

https://www.facebook.com/ZUBEENsOFFICIAL/posts/2706133476116342

৬ ছেপ্তেম্বৰত মুক্তিলাভ কৰা কাঞ্চনজংঘাই মুক্তিৰ দিনটোৰ পৰাই দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰিছিল। জুবিন গাৰ্গ আৰু পত্নী গৰিমা গাৰ্গে কাঞ্চনজংঘাৰ এই বৃহৎ সফলতাৰ কথা সদৰি কৰে ফেচবুকযোগে। এই সফলতাৰ বাবে গৰিমা গাৰ্গে প্ৰতিজন অসমীয়াক ধন্যবাদ জ্ঞাপন কৰে।

photo credit: asomiyapratidin.in

Related Post