অসমত হৈ থকা নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ বাবে আৱদ্ধ হৈ আছে বহুতো যাত্ৰীবাহী ৰেল। যাৰ বাবে অসমৰ কেইবাহাজাৰ লোক উভতি আহিব পৰা নাই নিজ নিজ ঘৰলৈ। অসমৰ বাহিৰলৈ বিভিন্ন কামত যোৱা যাত্ৰী উভতিব নোৱাৰাৰ লগতে উৰিষ্যাৰ পুণ্যতীৰ্থ পুৰীতো আৱদ্ধ হৈ আছে কেইবাহাজাৰ লোক।
উল্লেখ্য যে, পুৰীত থকা শংকৰদেৱ নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত হাজাৰ হাজাৰ অসমৰ লোক পুৰীলৈ গমন কৰে। বিগত বছৰ সমুহৰ দৰে এইবেলিও কেইবাহাজাৰ লোকে যাত্ৰা কৰিছিল পুৰীস্থিত শংকৰদেৱ নামঘৰলৈ। লগতে জগন্নাথধাম দৰ্শন কৰিবলৈ গৈছিল বহুতো লোক।
পিছে উভতনি যাত্ৰাৰ সময়তে অসমত হোৱা প্ৰতিবাদৰ জুইয়ে চলাচল বন্ধ কৰিলে কেইবাখনো ৰেলৰ। তাৰে মাজতেই বন্ধ হৈ পৰিল গুৱাহাটী অভিমুখী পুৰী এক্সপ্ৰেছো। যাৰ কাৰণে এতিয়া পুৰীত আৱদ্ধ হৈ আছে প্ৰায় ৬০০০ হাজাৰ লোক। এই আৱদ্ধ ভক্ত সকলে এতিয়া বাস কৰিছে শংকৰদেৱ নামঘৰ, অসম যাত্ৰী নিৱাস আৰু অন্য সেৱা আশ্ৰম সমুহত।
আৱদ্ধ যাত্ৰী সমুহৰ মাজত থকা বয়সস্থ লোক সকলৰ বৰ্তমানে স্বাস্থ্যৰ অৱনতি ঘটিছে। লগতে সন্মুখীন হ’ব লগা হৈছে খাদ্যৰ নাটনীতো। নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ বাবে অসমৰ লগত এতিয়া কেৱল পুৰী সংযোগী ৰেল বাতিল হোৱা নাই প্ৰায় সমুহ ৰাজ্যৰ লগতে ৰেল সংযোগ বিছিন্ন হৈছে অসমৰ।
Photo Credit: TOURS AND TRAVELS