Skip to content

এটা কোৱাৰাইণ্টাইন চেণ্টাৰত ভয়ানক কাণ্ড; চিৰিয়াখানাৰ জন্তুক দিয়াৰ দৰে দিছে খাদ্য !

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
পানীৰ বটল, বিস্কুটৰ পেকেট দূৰৰ পৰাই দলিয়াই দিয়া হৈছে লোকসকললৈ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

সমগ্ৰ বিশ্বতে এতিয়া মাথো কৰ’ণা ভাইৰাছৰ ত্ৰাস। প্ৰতিদিনে বৃদ্ধি পাইছে এই মাৰাত্মক ভাইৰাছবিধৰ সংক্ৰমণ। ভাৰততো কৰ’ণাৰ প্ৰকোপ দিনকদিনে বৃদ্ধি পাইছে।

দেশত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ২৬৯১৭লৈ আৰু মৃত্যুমুখত পৰিছে ৮২৬জন।যিটো সময়ত কৰ’ণা ভাইৰাছ মহামাৰীক ৰোধ কৰিবলৈ সমগ্ৰ দেশে যুদ্ধ সদৃশ চেষ্টা চলাই আছে, সেই সময়তে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ কোৱাৰাইণ্টাইন চেণ্টাৰৰ এক ভয়াৱহ ছবি পোহৰলৈ আহিছে।

কোৱাৰাইণ্টাইন চেণ্টাৰত ৰখা লোকসকলক সকলোতে সুব্যৱস্থা কৰি ৰখা হৈছে যদিও আগ্ৰাৰ কোৱাৰাইণ্টাইন চেণ্টাৰৰ লোকসকল সন্মুখীন হৈছে দুৰ্ব্যৱহাৰৰ।ইয়াত কোৱাৰাইণ্টাইন হৈ থকা লোকসকলক চিৰিয়াখানাত থকা জন্তুক যেনেদৰে খাদ্যসামগ্ৰী দলিয়াই দিয়া হয় ঠিক তেওঁলোকলৈ খাদ্যসামগ্ৰী দলিয়াই দিছে স্বাস্থ্যকৰ্মীয়ে।পানীৰ বটল, বিস্কুটৰ পেকেট দূৰৰ পৰাই দলিয়াই দিয়া হৈছে লোকসকললৈ।

এই খাদ্যসামগ্ৰীসমূহ ল’বলৈ হেতা-ওপৰা লগাইছে কোৱাৰাইণ্টাইন হৈ থকা লোকসকলে।সামাজিক দূৰত্ব মানি চলিবলৈ বাৰে বাৰে আহ্বান জনাই থকা হৈছে যদিও খোদ কোৱাৰাইণ্টাইন চেণ্টাৰতে ভংগ হৈছে এই নিয়ম।বৰ্তমান আগ্ৰাৰ কোৱাৰাইণ্টাইন চেণ্টাৰত আছে ৩৭১জন লোক।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp