23.8 C
Guwahati
Thursday, October 22, 2020
More

    শিৱসাগৰত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিক সাক্ষী কৰি আটাছুৰ গণ অৱস্থান কাৰ্যসূচী

    এই গণ অৱস্থান কাৰ্যসূচীত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে

    সমগ্ৰ অসমৰ লগতে ঐতিহাসিক শিৱসাগৰ নগৰতো অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰাৰ দাবীত গণতান্ত্ৰিক আন্দোলন।

    আজি সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত তথা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিল্পী সমাজ আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হয় নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত গণ অৱস্থান আৰু প্ৰতিবাদী সভাৰ কাৰ্যসূচী।

    আজি দিনৰ ১১.০০ বজাৰ পৰা শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিৰ সমীপত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আৰম্ভ হোৱা এই গণ অৱস্থান কাৰ্যসূচীত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমৰ বিশিষ্ট দিহানাম গায়ক কমলা গগৈয়ে গণ জাগৰণৰ বিপ্লৱী গীত পৰিৱেশন কৰি ৰাইজক জাতিধ্বংসী আইনৰ বিষয়ে সজাগ কৰে।

    আটাছুৰ কেন্দ্ৰীয় উপ সভাপতি বসন্ত গগৈয়ে আঁত ধৰা প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰে আছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকা, বিশিষ্ট মহিলা সংগঠক মণিকা শইকীয়া, আহোম সভাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি জয়ন্ত ৰাজকোঁৱৰকে ধৰি বহুকেইজন জাতি জনগোষ্ঠীয় দল-সংগঠনৰ নেতা তথা বিশিষ্ট নাগৰিক।

    Photo Credit: @sanjaypareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Kaziranga National Park to open for visitors from October 21

    World heritage site Kaziranga National Park, which is home to the one-horned Indian rhinos, will reopen for tourist from October 21, 2020.

    COVID-19 curve in Assam starts to flatten; health minister

    The COVID-19 curve in the state has started flattening with the constant fall in positivity rate of the cases, claimed Himanta Biswa Sarma

    Top Cops’ houses raided in connection with Assam Police recruitment scam

    Assam Police have arrested around 50 persons, including former DIG Prasanta Kumar Dutta and BJP leader Diban Deka

    Assam Police exam scam: Kumar Sanjit Krishna arrested by CID

    Senior Assam police officer and ex-SP, Karimganj, Kumar Sanjit Krishna has been arrested by the CID on Thursday evening

    Excise Intelligence Bureau seizes huge consignment of IMFL, 2 Apprehended

    Assam Excise Minister, Parimal Suklabaidya has directed the Excise Department for an inquiry into the matter

    Assam: Engineering College to be named after Chabilal Upadhyaya in Bihali

    The upcoming engineering college which is going to be established in Assam’s Bihali is named after freedom fighter Chabilal Upadhyaya