25 C
Guwahati
Tuesday, June 22, 2021
More

    বনজুইৰ পিছত এইবাৰ বানপানীৰ সমস্যাই দেখা দিয়াৰ সম্ভাৱনা অষ্ট্ৰেলিয়াত

    জ্বলি ছাইত পৰিণত হৈছিল বহু হেক্টৰ জুৰি বিয়পি থকা বনাঞ্চল

    ভয়াবহ বনজুইয়ে আগুৰি ধৰিছিল অষ্ট্ৰেলিয়াৰ বহু অঞ্চল। কেইবামাহ ধৰি চলিছিল এই বনজুইৰ তাণ্ডৱ। এই জুয়ে সাঙুৰি লৈছিল অষ্ট্ৰেলিয়াৰ চহৰো। বৰ্তমানেও সম্পূৰ্ণৰূপে শাম কটা নাই সেই অগ্নিকাণ্ডৰ। সেই বিধ্বংসী অগ্নিকাণ্ডৰ বাবে ২৮গৰাকী লোক আৰু লাখৰ ঘৰত বন্যপ্ৰাণীৰ মৃত্যু হৈছিল। জ্বলি ছাইত পৰিণত হৈছিল বহু হেক্টৰ জুৰি বিয়পি থকা বনাঞ্চল। বৰুষুণ পৰিবলৈও যেন পাহৰি গৈছিল।

    পিছে সদ্যহতে বৰষুণ পৰিল। বহুখিনি নিৰ্বাপিত হ’ল সেই ধ্বংসলীলা। কিন্তু এতিয়া আন এক সমস্যা হে আগবাঢ়ি আহিবলৈ ধৰিছে। বৰষুণ পৰিল হয়, পিছে ৰখাৰ নাম নাই। বৰষুণৰ মাত্ৰা ইমানেই বেছি যে এতিয়া বানপানী হোৱাৰ দিশে অষ্ট্ৰেলিয়াৰ পূৱ প্ৰান্ত। কোটি কোটি টকাৰ ক্ষতি এই প্ৰাকৃতিক দূৰ্যোগৰ ফলত অষ্ট্ৰেলিয়া।

    আনহাতে দেশখনৰ দক্ষিণ আৰু দক্ষিণ-পূৱ প্ৰান্তত বৰ্তমানেও বৰষুণৰ নাম গোন্ধ নাই। এতিয়াও সেই অঞ্চল সমূহত জুইৰ লেলিহান শিখাই তাণ্ডৱ চলাই গৈ আছে। সম্পূৰ্ণ আকাশ কেৱল ধোৱাময়।

    Photo Credit: Wsj.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING