মুম্বাইৰ পিছত দিল্লীতো উৰুৱালে ‘আজাদ কাশ্মীৰ’ৰ পোষ্টাৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
দুপৰীয়া প্ৰায় ১ বজাত আৰম্ভ হৈছিল এই প্ৰতিবাদ আৰু তাৰ পিছত কলেজৰ শিক্ষাৰ্থীসকল উলাই আহে ৰাজপথত
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

মুম্বাইৰ পিছত দিল্লতো উৰুৱালে ‘আজাদ কাশ্মীৰ’ৰ পোষ্টাৰ। দৰাচলতে বুধবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ ছেট ষ্টীফন কলেজত JNUত হোৱা হিংসাক লৈ সমদল উলিওৱা হয়। এই প্ৰতিবাদৰ মাজতে প্ৰতিবাদকাৰীয়ে ‘আজাদ কাশ্মীৰ’ৰ পোষ্টাৰো প্ৰদৰ্শন কৰিলে। দুপৰীয়া প্ৰায় ১ বজাত আৰম্ভ হৈছিল এই প্ৰতিবাদ আৰু তাৰ পিছত কলেজৰ শিক্ষাৰ্থীসকল উলাই আহে ৰাজপথত। যেতিয়া আজাদ কাশ্মীৰৰ পোষ্টাৰ বিষয়ে দিল্লী আৰক্ষীয়ে খবৰ পালে তেতিয়া প্ৰথমে তাত উপস্থিত হয় স্থানীয় আৰক্ষী আৰু পিছত ঘটনাটো ৰ তদন্তৰ বাবে দিল্লী আৰক্ষীৰ বিশেষ ছেলক হস্তান্তৰ কৰা হয়। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

বৃহস্পতিবাৰে স্থানীয় সংবাদমাধ্যমে এই সন্দৰ্ভত কলেজৰ শিক্ষাৰ্থীক সোধা প্ৰশ্নত তেওঁলোকে ক’লে যে বুধবাৰে প্ৰতিবাদ হৈছিল কিন্তু পোষ্টাৰ বিষয়ে তেওঁলোক অৱগত নহয় বুলি মন্তব্য কৰে।

Photo credit: timesnownews.com

Related Post