34 C
Guwahati
Sunday, August 9, 2020
  • Home
  • Videos
  • TIMECAST
More

    বাঘজানত নিহত ২ অইল কৰ্মচাৰীৰ বাসগৃহত এতিয়া কান্দোনৰ ৰোল

    অগ্নিকুণ্ড বাঘজানত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটিছিল ২ নিষ্ঠাবান অইলৰ কৰ্মচাৰীৰ। দাওদাওকৈ জ্বলি থকা জুই নিৰ্বাপনৰ সময়তে সংঘটিত হৈছিল এই ভয়ংকৰ অঘটন।

    বাঘজানৰ তৈল খাদত নিহত দুই অইল কৰ্মচাৰীৰ বাসগৃহত কান্দোনৰ ৰোল উঠে।

    বাঘজানৰ তৈল খাদত সংঘটিত অগ্নিকাণ্ডৰ অগ্নি নিৰ্বাপন কৰিবলৈ গৈছিল অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনীৰ দুই কৰ্মচাৰী তিখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈ। পিছে দায়িত্ব পালন কৰিবলৈ গৈ উভতি নাহিল ঘৰলৈ।

    অগ্নিকুণ্ড বাঘজানত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটিছিল ২ নিষ্ঠাবান অইলৰ কৰ্মচাৰীৰ।

    দাওদাওকৈ জ্বলি থকা জুই নিৰ্বাপনৰ সময়তে সংঘটিত হৈছিল এই ভয়ংকৰ অঘটন।

    পুৱাই খৱৰ আহিল বাঘজানত উদ্ধাৰ হৈছে দুজন লোকৰ মৃতদেহ। লগে লগে ঘৰখনত আৰম্ভ হ’ল কান্দোনৰ ৰোল।

    ১৯৯২ চনতেই অইলত যোগদান কৰিছিল দুলীয়াজানৰ হৰিহৰ পথৰ বাসিন্দা তিখেশ্বৰ গোহাঁয়ে।

    আনহাতে ২০০৩চনত অইলৰ অগ্নিনিৰ্বাপক বাহিনীত যোগদান কৰিছিল নামৰূপৰ দুৰ্লভ গগৈয়ে।

    দুলীয়াজানৰ লগতে অসমৰ ফুটবল জগতৰ এটি পৰিচিত নাম। দুভৰিৰ যাদুৰে ফুটবল খেলি দৰ্শকক মুহাছন্ন কৰিব পৰা এগৰাকী দক্ষ ফুটবল খেলুৱৈ।

    ২১ বছৰ অনুৰ্দ্ধৰ অসমৰ দলক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিছিল দুৰ্লভে।ত্ৰিবান্দ্ৰমত অনুষ্ঠিত জুনিয়ৰ ৰাষ্ট্ৰীয় খেলতো ভাগ লৈছিল দুৰ্লভ গগৈয়ে।

    নিজৰ প্ৰতিভাৰ বলত সহস্ৰ দৰ্শকৰ হৃদয় জিনি ফুটবল খেলৰ পাৰদৰ্শিতাৰে অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বিভাগত চাকৰি লাভ কৰিছিল।

    সমান্তৰালভাৱে দেশৰ আগশাৰীৰ ফুটবল দল হিচাপে অইল ইণ্ডিয়া ফুটবল দলৰ মুখ্য গল কীপাৰ হিচাপে দক্ষতাৰে নেতৃত্ব প্ৰদান কৰিছিল।

    ফুটবল অনুৰাগীৰ মধ্য মণি স্বৰূপ দুৰ্লভ গগৈয়ে মঙলবাৰে অইলৰ বাঘ জান তৈলক্ষেত্ৰত জুই নিৰ্বাপিত কৰিবলৈ গৈ দিনৰ ১-৩০ বজাৰ পৰা সন্ধানহীন হৈ আছিল।

    আৰু বুধবাৰে পুৱা সেই বাঘজান তৈলক্ষেত্ৰ সমীপত উদ্ধাৰ হয় দুৰ্লভ গগৈ আৰু তেওঁৰ সহকৰ্মী তিখেশ্বৰ গোহাঁইৰ মৃতদেহ।

    এগৰাকী নিষ্ঠাবান অইল কৰ্মচাৰী আৰু এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ অকালতে হেৰুৱাই এতিয়া শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দুলীয়াজান।

    দুগৰাকী সাহসী সতীৰ্থক হেৰুৱাই শোকস্তব্ধ অইলৰ কৰ্মচাৰীসকলো।

    PHOTO: TIME8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    How did Sonowal violate COVID 19 protocol? Asks Debabrata Saikia

    Large numbers of people were seen attending the program and the CM himself was allegedly seen not maintaining 'social distancing’

    Indefinite Curfew clamped in parts of Silchar after violence

    The order specified that the curfew would be imposed in the areas under the Malugram police outpost of Silchar, prohibiting the movement of individuals

    Lord Ram to unite the world: PM Modi

    Chanting ‘Jai Siyaram’ in between his speech, Modi said, “People from across the world will visit the grand Ram Mandir to witness Lord Shri Ram and mother Janaki. As such, it will connect India with the rest of the world.”

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.