26.1 C
Guwahati
Friday, September 10, 2021
More

    কৰ’ণাৰ সৈতে যুঁজিবলৈ চৰকাৰলৈ ১০০ কোটি টকাৰ অনুদান বাজাজ গ্ৰুপৰ

    সমগ্ৰ বিশ্বতে আতংক সৃষ্টিকাৰী মাৰাত্মক কৰ’ণা ভাইৰাছে ভাৰততো লৈছে সংহাৰী ৰূপ। দেশত দিনকদিনে বৃ্দ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। কৰ’ণাৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছে ভাৰতৰ অগ্ৰণী কোম্পানীসমূহৰ অন্যতম বাজাজ গ্ৰুপ।

    বাজাজ গ্ৰুপে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত চৰকাৰলৈ ১০০ কোটি টকাৰ বৰঙণি আগবঢ়াবলৈ সাজু হৈছে। বাজাজৰ সূত্ৰ অনুসৰি কোম্পানীটোৱে চৰকাৰৰ সৈতে নিকটভাৱে কাম কৰিব আৰু কৰ’ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় স্বাস্থ্যসেৱাৰ আন্ত:গাঁথনি উন্নীতকৰণত সহায় কৰিব।

    কোম্পানীটোৱে চিকিৎসালয়ৰ আইচিইউসমূহ উন্নত কৰি তোলাৰ লগতে ৰোগীৰ বাবে ভেন্টিলেটৰ্ছ আৰু স্বাস্থ্যসেৱাৰ কৰ্মী, চিকিৎসক, নাৰ্ছ তথা আন চিকিৎসা কৰ্মীৰ ব্যক্তিগত সুৰক্ষাৰ বাবে অতি প্ৰয়োজনীয় আহিলাসমূহ ক্ৰয় কৰাত সহায়ৰ হাত আগবাঢ়িব।দেশৰ এনে সংকটকালত আগবাঢ়ি অহা বাজাজ গ্ৰুপক সকলোৱে একমুখে প্ৰশংসা কৰিছে।

    Photo Credit: Punekar News

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING