শিৱসাগৰ জিলাৰ বকতাত অএনজিচিৰ উত্তৰপৰীয়া তৈল ক্ষেত্ৰৰ বকতা ভকত গাঁৱৰ জুটুলিটিংত নতুনকৈ খনন কাৰ্য চলি থকা ONGCৰ – QUIPOO Rig- 31 নম্বৰ তৈল খাদটোৰ পৰা সৃষ্টি হোৱা ভয়াৱহ প্ৰদূষণে স্থানীয় ৰাইজৰ জীৱন বিপন্ন কৰি তুলিছে। বৰ্তমান খনন কাৰ্য চলি থকা এই খাদটোত ব্যৱহৃত বিষাক্ত ৰাসায়নিক পদাৰ্থৰ পৰা নিৰ্গত দুৰ্গন্ধ আৰু গেছে স্থানীয় ৰাইজৰ লগতে পশুধনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।
খাদটোৰ ব্যৱহৃত কেমিকেলৰ লগতে নিৰ্গত হোৱা দূষিত গেছ মিশ্ৰিত হৈ দুৰ্গন্ধৰ সৃষ্টি হোৱাৰ বাবে গাঁওবাসী ৰাইজে উশাহ-নিশাহ লোৱাত কষ্ট হোৱাৰ উপৰি শিশুৰ পৰা বৃদ্ধলৈকে কাঁহ, বমিকে ধৰি বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। এই দুৰ্গন্ধ অঞ্চলটোৰ লগতে তিনি-চাৰি কিল’মিটাৰ পৰ্যন্ত বিয়পি পৰা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।খাদটোৰ পৰা নিৰ্গত হোৱা পদাৰ্থসমূহ ONGCৰ আৱাসীক এলেকাৰ পৰা বাহিৰ হৈ কাষতে থকা পূনিবিল জানত বিষাক্ত ৰাসায়নিক পদাৰ্থ মিশ্ৰিত হৈ জানটোৰ পানীও প্ৰদূষিত হৈ পৰিছে।
জনজীৱন বিপন্ন কৰা এই সমস্যাটো সমাধান কৰাৰ লগতে তেল খাদটোত জমা হৈ থকা আৱৰ্জনাসমূহ অতিশীঘ্ৰে নিষ্কাষণ আৰু প্ৰদূষণৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হোৱা গাঁওবাসীক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা সেৱা প্ৰদানৰ দাবী সম্বলিত এখন আৱেদন কিছুদিনৰ পূৰ্বে ৰাইজে তৈল খাদটোৰ কৰ্তৃপক্ষক জমা দিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে স্থানীয় লোকসকল ক্ষোভিত হৈ খাদৰ কাম কাজ বন্ধ কৰি দিয়ে।
ৰাইজে খাদ তথা অ.এন.জি.চি. কৰ্তৃপক্ষৰ পৰা ইয়াৰ উচিত সমাধান নোপোৱালৈকে অনিৰ্দিষ্ট কাললৈ খনন কাৰ্য বন্ধ ৰাখিব বুলি জানিবলৈ দিছে।
Input and photo: Iftikar Rahman