21 C
Guwahati
Sunday, April 11, 2021
More

    বৰেলীঃ লক ডাউন বলৱৎ কৰিবলৈ যোৱা আৰক্ষী দলক আক্ৰমণ, SP আহত

    ইজ্জতনগৰৰ কৰ্মপুৰ চৌধুৰী গাঁৱত সংঘটিত হয় এই ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৪০-৫০জন লোকক আটক কৰে। আটাইকেইজনৰ বিৰুদ্ধে নেচনেল ছিকিউৰিটী এক্টৰ আধাৰত গোচৰ ৰুজু কৰা হৈছে

    উত্তৰ প্ৰদেশৰ বৰেলী জনপদত লকডাউন পালন কৰাবলৈ যোৱা আৰক্ষী দলৰ ওপৰত আক্ৰমণ একাংশ উন্মত্ত লোকৰ।এই আক্ৰমণত IPS অভিষেক বৰ্মা আহত হয়। ভৰিত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় বিষয়াগৰাকী। ইজ্জতনগৰৰ কৰ্মপুৰ চৌধুৰী গাঁৱত সংঘটিত হয় এই ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৪০-৫০জন লোকক আটক কৰে। আটাইকেইজনৰ বিৰুদ্ধে নেচনেল ছিকিউৰিটী এক্টৰ আধাৰত গোচৰ ৰুজু কৰা হৈছে।

    লকডাউনৰ সময়চোৱাত গাঁৱত বহুকেইজন লোকে ৰাজপথৰ কাষত একত্ৰিত হৈ তাচ খেলি থকাৰ খবৰ পাইছিল আৰক্ষীয়ে। ইয়াৰ পিছত দুজন আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু লকডাউনৰ সময়ত সামাজিক দূৰত্ব মানি নচলি একেলগতে ভিৰ কৰাক লৈ বাধা প্ৰদান কৰে। আৰক্ষীয়ে বাধা দিয়াৰ বাবে তাত উপস্থিত থকা লোকসকল ক্ষুব্ধ হৈ পৰে আৰু আৰক্ষীদুজনক লক্ষ্য কৰি শিল আৰু ইটা নিক্ষেপ কৰে।

    ইয়াৰ বিষয়ে আৰক্ষী চকীত খবৰ দিয়াত ঘটনাস্থলীত SP অভিষেক বৰ্মা আৰক্ষীৰ এটা দলৰ সৈতে সেই স্থানত উপস্থিত হয়।তেতিয়ালৈ বহু লোকে ভিৰ কৰে আক্ৰমণস্থলীত। তেওঁলোকেও আৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত আৰক্ষীয়ে ভিৰ নিয়ন্ত্ৰণ কৰে আৰু কেইজনমান লোকক আটক কৰে।

    Photo credit: hindi.news18.com

    Published:

    4 COMMENTS

    Comments are closed.

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Jorhat Admin enforces section 144 CrPC amid surge in COVID-19 cases

    Six new people were tested positive to COVID-19 in Jorhat on Monday

    Assam: Writer Sikha Sarma receives rape threat in Facebook

    Rongmon Nath, a student of Gauhati University, made derogatory remarks against Sikha Sarma in a Facebook post.

    Assam’s CRPF Jawan Bablu Rabha martyred in fierce Maoist attack in Chhattisgarh

    The news of martyred Bablu Rabha was mourned across the state of Assam amidst the state polls

    Dima Hasao: 5 polling officials suspended after EVM raised 181 votes against 90 voters

    A total of 171 votes were raised in an electronic voting machine (EVM) against 90 voters in Dima Hasao’s 16 Haflong (ST) LA constituency.

    Assam Phase III Polls: Fate of 337 candidates in fray including 25 women

    Election Commission of India is ready to conduct polling at 11,401 centers

    Miscreants silt throat of businessman in Guwahati city

    So far none have been arrested in connection to the matter; however, the police investigation is on