
আপোনাৰ তেজৰ গ্ৰুপ কি? যদিহে A গ্ৰুপৰ তেন্তে হেলা নকৰি অধিক সাৱধান হৈ পৰক। কিয়নো A গ্ৰুপৰ তেজৰ লোক সকল মহামাৰী কৰ’ণাত সংক্ৰমণ হোৱাৰ আশংকা অধিক। মঙলবাৰে কৰা এক সম্পৰীক্ষাত এই তথ্য ওলাইছে। তথ্যটো আগবঢ়াইছে ইউনাইটেড কিংডমৰ National Center for Biotechnologyয়ে।
আনহাতে O তেজৰ গ্ৰুপৰ লোকৰ বাবে কৰ’ণা সংক্ৰমণৰ আশংকা ক্ষীণ। O গ্ৰুপৰ তেজতেই থাকে কোনো প্ৰতিৰোধী ক্ষমতা। অৱশ্যে Oগ্ৰুপৰ তেজ থকা লোক যে এই মহামাৰীত সংক্ৰমণ নহব সেয়া ভুল ধাৰণা। A গ্ৰুপৰ দৰে O তেজৰ গ্ৰুপ থকা লোকো এই মহমাৰীত সংক্ৰমিত হব পাৰে। কেৱল মাত্ৰ Aৰ তুলনাত Oৰ আশংকা কিছু ক্ষীণ।
তথ্য অনুসৰি ভাৰতত O গ্ৰুপৰ ৩৭.১২ শতাংশ, B গ্ৰুপৰ ৩২.২৬ শতাংশ আৰু A গ্ৰুপৰ ২২.৮৮ শতাংশ লোক আছে।
Photo Credit: Dailyhunt