বৃহস্পতিবাৰে পুৱা অভিনেতা ঋষি কাপুৰে শেষ নিশ্বাস ত্যাগ কৰে। অৱশেষত কেঞ্চাৰৰ সৈতে হোৱা দীঘলীয়া যুঁজত হাৰ মানিলে অভিনেতাজনে। ঋষি কাপুৰৰ হঠাৎ মৃত্যু হোৱা খবৰে প্ৰতিজন লোককে আচম্বিত কৰি তোলে। প্ৰতিগৰাকী বিশিষ্ট অভিনেতা বা নেতাই এই মহান অভিনেতাগৰাকীক স্মৰণ কৰি ভাবুক হৈ উঠিছে। কিন্তু ঋষি কাপুৰে মৃত্যু হোৱাৰ পূৰ্বে কি টুইট কৰিছিল। ঋষি কাপুৰৰ অন্তিমটো পোষ্ট কি আছিল?
অভিনেতা ঋষি কাপুৰ ছচিয়েল মিডিয়াত যথেষ্ট এক্টিভ আছিল। প্ৰতিটো বিষয় সন্দৰ্ভত পৰিষ্কাৰ ভাৱে নিজৰ মতামত ৰাখিছিল আৰু তেওঁৰ টুইটো ভাইৰেল হৈ পৰিছিল। ঋষি কাপুৰৰ অন্তিমটো টুইট ২ এপ্ৰিলত দেখা পোৱা গৈছিল যেতিয়া তেওঁ কৰ’ণা বিৰুদ্ধে জাৰি কৰা যুঁজত সকলোকে একলগে যুঁজিবলৈ আহ্বান জনাইছিল। ঋষি কাপুৰে টুইটাৰৰ জৰিয়তে কৰ’ণা যোদ্ধাসকলক সন্মান জনোৱাৰ কথা কৈছিল।
তেওঁ টুইট কৰিছিল যে- মোৰ ফালৰ পৰা আহ্বান জনাইছো যে আপোনালোকে হিংসাৰ সৃষ্টি নকৰিব, শিলাবৰ্ষণ নকৰিব, চিকিত্সক, নাৰ্ছ আৰু আৰক্ষীয়ে নিজৰ জীৱন সংকটত পেলাই আমাৰ জীৱন ৰক্ষা কৰি আছে। আমি কৰ’ণাৰ বিৰুদ্ধে হোৱা এই যুঁজত মিলি জয়ী হ’ব লাগিব।
সেই সময়ত ঋষি কাপুৰৰ টুইট যথেষ্ট ট্ৰেণ্ড হৈছিল আৰু তেওঁৰ এই বাৰ্তাক সমগ্ৰ দেশে আদৰণি জনাইছিল। ঋষি কাপুৰে ২ এপ্ৰিলতে কুণাল কোহলীক ধন্যবাদ জ্ঞাপন কৰিছিল কাৰণ তেওঁ কৈছিল যে ঋষি কাপুৰৰ দৰে কোনেৱে ডফলী বজাব নোৱাৰে। কুণালৰ এই টুইটত ঋষি কাপুৰে সুখঃপ্ৰকাশ কৰিছিল আৰু কৈছিল- ধন্যবাদ কুণাল। ইয়াৰ ক্ৰেডিট পি এল ৰাজ জীলৈ যায়, তেওঁ এজন কৰিঅ’গ্ৰাফাৰ আছিল।
photo credit: boxofficeworldwide.com