বিহাৰ আৰু পূব উত্তৰ প্ৰদেশত বিগত ৪ দিনত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত পৰিস্থিতি বিষম হৈ পৰিছে। দেওবাৰে পাটনা, ভাগলপুৰসহ বিহাৰৰ কেইবাটাও অঞ্চলত প্ৰচণ্ড বৰষুণ হয়। যাৰ ফলত ১৭ গৰাকী লোকৰ মৃত্যু হয়। বৃহস্পতিবাৰৰ পৰা বৰ্তমানলৈ উত্তৰ প্ৰদেশত ৭৩ গৰাকী আৰু বিহাৰত ২৭ গৰাকী লোকৰ মৃত্যু হয়। বিহাৰৰ ২২খন জিলাত বানপানী হোৱাৰ আশংকা। বতৰ বিজ্ঞান বিভাগ অনুসৰি আগন্তুক ২ দিনত বৰষুণৰ পৰা ৰেহাই পোৱাৰ সম্ভাৱনা কম।
মুখ্যমন্ত্ৰী নিতীশ কুমাৰে দেওবাৰে প্ৰতিখন জিলাৰ বিষয়াসকলৰ সৈতে ভিডিঅ’ video conferencingৰ জৰিয়তে বৰষুণ আৰু বান পৰিস্থিতিৰ বুজ লয়। তেওঁ ক’লে যে চৰকাৰে এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা অব্যাহত ৰাখিছে। চৰকাৰে বিষয়াসকলক ১৫ অক্টোবৰলৈ হাই এলাৰ্ট জাৰি কৰাৰ আদেশ প্ৰদান কৰিছে।
প্ৰশাসনে পাটনাত ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত স্কুলসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে।
photo credit: connectgujarat.com