শিলচৰত কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীয়ে আটক কৰে চোৰৰ ৬ জনীয়া এটা বৃহৎ গেং। চোৰকেইটাৰ পৰা উদ্ধাৰ ৭খন বাইকসহ স্কুটি। ধৃত চোৰকেইটাৰ নাম প্ৰদীপ দাস, ৰাহুল সৰকাৰ, অমীত দাস, আমীৰ হুছেইন, ছাবিৰ আহমেদ আৰু নাজিৰ হুছেইন৷

বুধবাৰে নিশা শিলচৰ আশ্ৰম ৰোডত বাইক চোৰৰ বিৰুদ্ধে এটা অভিযান চলাই প্ৰথমে এখন পালছাৰ বাইকসহ প্ৰদীপ দাস, ৰাহুল সৰকাৰ আৰু অমীত দাস এই ৩টা বাইক চোৰক আটক কৰে আৰক্ষীয়ে ৷ এই ৩টা বাইক চোৰক আৰক্ষীয়ে সোধা পোছা কৰাৰ পিছত নিয়াৰগ্ৰাম, আৰকাটিপুৰ, সোনাবাড়ীঘাট আৰু মধুৰবন্ধত অভিযান চলাই আৰু ৬খন বাইকসহ আমীৰ হুছেইন, ছাবিৰ আহমেদ আৰু নাজিৰ হুছেইন নামৰ ৩টা বাইক চোৰক আটক কৰে আৰক্ষীয়ে।
জব্দকৃত ৭খন বাইক কাছাৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা চুৰি হৈছিল ৷ বৰ্তমানে আৰক্ষীয়ে চোৰকেইটাক জেৰা অব্যাহত ৰাখিছে৷