নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত একাংশই ভুৱা প্ৰচাৰ চলাই অসমৰ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত ডঃ নগেন শইকীয়া আৰু ডঃ হীৰেণ গোহাঁইক আক্ৰমণৰ লক্ষ্য কৰি লয় টিংখাঙৰ বিধায়ক বিমল বৰাই।
নাগৰিকত্ব আইনখন পূৰ্বতে বহুবাৰ সংশোধন হৈছে বুলি উল্লেখ কৰি ১৯৮৬-৮৭ চনত নাগৰিকত্ব সংশোধনী আইন সংসদত গৃহীত হোৱাৰ সময়ত তেতিয়াৰ ৰাজ্যসভাৰ সাংসদ ডঃ নগেন শইকীয়াই কি ভূমিকা লৈছিল বুলি বিধায়কগৰাকীয়ে ডঃ নগেন শইকীয়াক প্ৰশ্ন কৰি ইয়াৰ উত্তৰ দিব লাগিব বুলি তীব্ৰ প্ৰত্যাহ্বান জনায়।
লগতে অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমীয়া জাতি-জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত সাংবিধানিক সুৰক্ষা কৱচ নিৰ্মাণৰ গুৰু-দায়িত্ব কেন্দ্ৰীয় চৰকাৰে নগেন শইকীয়াক অৰ্পণ কৰাৰ পাচতো তেখেতে কিয় সেই দায়িত্বৰ পৰা পলায়ন কৰে বুলি প্ৰশ্ন কৰে। একেখন সভাতে ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁইৰ বিৰুদ্ধেও জাঙুৰ খাই উঠে বিধায়কগৰাকী। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ডঃ হীৰেণ গোহাঁইয়ে দুমুখীয়া নীতি গ্ৰহণ কৰি আহিছে বুলি মন্তব্য প্ৰকাশ কৰে।
এই ক্ষেত্ৰত বিধায়কগৰাকীয়ে ১৯৯২ চনৰ ১২ জুলাই তাৰিখে ‘আজিৰ অসম’ কাকতত ড° হীৰেণ গোঁহাইয়ে নিজৰ শিতান ‘প্ৰসংগক্ৰমে’ত বাংলাদেশৰ হিন্দু নাগৰিকক ভাৰতত নাগৰিকত্ব দিব লাগে বুলি দাবী উত্থাপন কৰিছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰি এতিয়া কিয় অসমৰ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি প্ৰশ্ন কৰে।
নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত থকাৰ মাজতে আইনখনৰ সমৰ্থনত যথেষ্ট সক্ৰিয় হৈ পৰা টিংখাঙৰ বিজেপি বিধায়ক বিমল বৰাৰ দুগৰাকীকৈ বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়া আৰু ডঃ হীৰেণ গোহাঁই বিৰুদ্ধে তোলা এই অভিযোগে বিশেষ তাৎপৰ্য বহন কৰিছে।
Photo Credit: @dipokmahmora