সংসদত CAB গৃহীত হোৱাৰ পূৰ্বেই আগতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ আৰু গৃহমন্ত্ৰীক অভিনন্দন জনালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে । অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ লোৱাৰ পিছত কেন্দ্ৰই মাহী আই দৃষ্টিৰে চোৱাৰ অভিযোগক নস্যাৎ কৰিছে । অসম বিজেপিয়ে CAB ক পূৰ্ণ সমৰ্থন জনাইছে বুলিও কয় ৰঞ্জিত দাসে ।
CAB ৰ জৰিয়তে জাতি ধবংস নহয়, জাতিক ৰাজনৈতিক ভাৱে ৰক্ষা কৰিবলৈহে নৰেন্দ্ৰ মোদীয়ে চেষ্টা কৰিছে । তাৰ বিপৰীতে কিছু লোকে কথা বোৰ নাজানি অপপ্ৰচাৰতহে লিপ্ত হৈছে বুলি কয় ৰাজ্যিক সভাপতি গৰাকীয়ে । কেব গৃহিত কৰিবলৈ গৃহ মন্ত্ৰীয়ে লৈছে ব্যৱস্থা, আৰু খিলঞ্জীয়াৰ স্বাৰ্থ বিঘ্নিত নকৰাকৈ আনিব কেব ।
‘অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিব কেন্দ্ৰই বিজেপিৰ আদৰ্শগত প্ৰতিশ্ৰুতি কেব অনাতো’ ৰণজিত দাস । বিৰোধী দলৰ বিৰোধীতাৰ বিষয়ে কবলৈ যাওতে কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰৰ বিষয়ে কয় । গৃহ মন্ত্ৰীৰ লগত কোনো ধৰণৰ আলোচনাত নবহাকৈয়ে কংগ্ৰেছে বৰাকত এটা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত আন এটা মত কংগ্ৰেছৰ ।
পিছে ৰাইজক কেবক লৈ উদ্বিগ্ন হ’ব দিয়া নাই, কিয়নো ৬নম্বৰ দফা ইমান দিনে কাগজতে আৱদ্ধ আছিল । কেন্দ্ৰই অসমৰ ক্ষতি হ’বলৈ নিদিয়ে ।
উল্লেখ্য যে এপ্ৰিলৰ পূৰ্বে অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন । বিজেপি বাৰ্তা উন্মোচনী সভাত এইদৰে কেন্দ্ৰৰ পক্ষত ঘোষণা বিজেপি সভাপতি ৰণজিৎ দাসৰ ।