22 C
Guwahati
Tuesday, February 18, 2020
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় ৫০ বছৰ, ২,৮২৩ লোকৰ মৃত্যু, অমিত শ্বাহৰ নেতৃত্বত সমাপ্ত পৃথক বড়োলেণ্ড ৰাজ্য...

    ৫০ বছৰ, ২,৮২৩ লোকৰ মৃত্যু, অমিত শ্বাহৰ নেতৃত্বত সমাপ্ত পৃথক বড়োলেণ্ড ৰাজ্য বিবাদ

    গৃহ মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰিলে যে ৩০ জানুৱাৰীত NDFBৰ ১৫৫০জন কেডাৰে ১৩০ অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰিব

    কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কেন্দ্ৰ চৰকাৰ, অসম চৰকাৰ আৰু বড়ো সংগঠনৰ মাজত সম্পাদিত হ’ল ত্ৰিপাক্ষিক চুক্তিখন। এই চুক্তিখনত স্বাক্ষৰ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ লগতে প্ৰমোদ বড়ো, গোবিন্দ বসুমতাৰীয়ে। এই চুক্তিৰ লগতে প্ৰায় ৫০ বছৰ ধৰি চলি অহা বড়োলেণ্ড বিবাদো সমাপ্ত হ’ল, য’ত বৰ্তমানলৈ ২,৮২৩ জন লোকে প্ৰাণ হেৰুৱাইছে। বিগত ২৭ বছৰত এয়া তৃতীয়টো ‘অসম চুক্তি’। দীৰ্ঘদিনে এই বিবাদৰ সমাধানৰ মোদী চৰকাৰে চেষ্টা চলাই আছিল আৰু অমিত শ্বাহ গৃহ মন্ত্ৰী হিচাপে নিযুক্ত হোৱাৰ পিছৰে পৰা দ্ৰুতগতিত আগবাঢ়ছিল ইয়াৰ কাম।

    গৃহ মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰিলে যে ৩০ জানুৱাৰীত NDFBৰ ১৫৫০জন কেডাৰে ১৩০ অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰিব। শ্বাহে ক’লে যে এই চুক্তিৰ পিছত এতিয়া অসম আৰু বড়ো লোকসকলৰ সোণালী ভৱিষ্যত হোৱাটো সুনিশ্চিত। তেওঁ আশ্বাস প্ৰদান কৰিলে যে কেন্দ্ৰ চৰকাৰে বড়ো লোকসকলক দিয়া প্ৰতিজ্ঞা সময়ত পূৰণ কৰিব। তেওঁ ক’লে যে এই চুক্তিৰ পিছত আৰু কোনো পৃথক ৰাজ্য নিৰ্মাণ কৰা নহ’ব।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে ক’লে যে বড়ো চুক্তিৰ পিছত এতিয়া শান্তি, সামঞ্জস্য আৰু একতাৰ নতুন উদয় হ’ব। চুক্তিয়ে বড়ো লোকসকলৰ যথেষ্ট পৰিৱৰ্তন কঢ়িয়াই আনিব। এই চুক্তিয়ে বড়ো লোকসকলৰ অনন্য সংস্কৃতি ৰক্ষা কৰিব আৰু জনপ্ৰিয় কৰি তুলিব তথা বিকাশমুখী কৰি তুলিব।

    Photo credit: indiatoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব...

    Of Travelling Solo In The Heaven Of Sikkim

    Travelling solo is an awarding way of travel and it is an experience that stays with you for a lifetime. Some people...

    TRENDING