বোকাজানৰ খটখতি থানাৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তৰ বৰলেঙেৰীত ৩১ ডিচেম্বৰৰ নিশা গ্ৰেপ্তাৰ দুজন NSCN কেডাৰ। দাবী কৰা ধন নিবলৈ আহি খটখতি আৰক্ষীৰ জালত পৰে NSCN(K)ৰ কেডাৰ দুজন। ধৃত কেডাৰ দুজন হৈছে ক্ৰমে জুনহিব’ট’ৰ পিট’ মুৰু আৰু পুৱ ডিমাপুৰৰ আকিশ্বে চুমি।

কেডাৰ দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৭.৬২ পিষ্টলৰ ১৯ জাঁই গুলি। উল্লেখযোগ্য যে অসম নগালেণ্ড সীমান্তৰ বৰলেঙেৰীৰ এখন ঔষধৰ দোকানৰ স্বত্বাধিকাৰী ইফজাল হুছেইনৰ পৰা দাবী কৰা ধন নিবলৈ আহি আটক হয় NSCN(K)ৰ দুয়োজন কেডাৰ।
Photo : @suraj-gogoi