27 C
Guwahati
Sunday, September 12, 2021
More

    ৪৫ হাজাৰ লোকক দুবেলা দুসাঁজ খুওৱাৰ দায়িত্ব ল’লে চনু সুদে

    চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীসকলৰ বাবে নিজৰ মুম্বাইৰ জুহুৰ হোটেলৰ দুৱাৰ ইতিমধ্যেই খুলি দিছে বলীউডৰ অভিনেতাগৰাকীয়ে

    লক ডাউনৰ ফলত এসাঁজ খাদ্যৰ বাবে হাহাকাৰ কৰা দৰিদ্ৰ লোকসকলক দুবেলা দুসাঁজ দিয়াৰ দায়িত্ব ল’লে বলীউডৰ অভিনেতা চনু সুদে। অভিনেতাগৰাকীয়ে মুম্বাইৰ আন্ধেৰি, যোগেশ্বৰী, বান্দ্ৰাৰ দৰে কেইবাটাও অঞ্চলত বসবাস কৰা প্ৰায় ৪৫ হাজাৰ খাদ্যৰ অভাৱত ভোগা দৰিদ্ৰ লোকৰ বাবে আহাৰৰ ব্যৱস্থা কৰিছে।

    চনু সুদে তেওঁৰ প্ৰয়াত পিতৃ শক্তি সাগৰ চুদৰ নামেৰে আৰম্ভ কৰা শক্তি আনন্দম নামৰ এটি স্বেচ্ছাসেৱী সংস্থাটোৰ অধীনত আৰু বৃহনমুম্বাই মিউনিচিপাল কৰ্পোৰেশ্যনৰ( বি এম চি) সৈতে যৌথ উদ্যোগত অভাৱগ্ৰস্ত লোকসকলক আহাৰ যোগান ধৰিব। উল্লেখ্য যে চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীসকলৰ বাবে নিজৰ মুম্বাইৰ জুহুৰ হোটেলৰ দুৱাৰ ইতিমধ্যেই খুলি দিছে চনুৱে।

    Photo Credit: Dainik Bhaskar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING