ICUত লতা মংগেশকাৰ, সুস্থ হৈ উঠাৰ বাবে হেমা মালিনী-ছৱানা আজমীৰ প্ৰাৰ্থনা

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
লতা মংগেশকাৰক সোমবাৰে অৰ্থাৎ ১১ নৱেম্বৰত শ্বাস–প্ৰশ্বাসজনিত কাৰণত মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
India's Nightingale Legendary Singer Lata Mangeshkar, Dies At 92
India's Nightingale Legendary Singer Lata Mangeshkar, Dies At 92

বলীউডৰ গায়িকা লতা মংগেশকাৰ হঠাৎ অসুস্থ হৈ পৰাৰ বাবে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। সূত্ৰ অনুসৰি কোকিলকণ্ঠী গায়িকাগৰাকীৰ স্বাস্থ্য পূৰ্বতকৈ উন্নতি হৈছে। হেমা মালিনীয়ে কেই ঘণ্টাৰ পূৰ্বে লতা মংগেশকাৰৰ স্বাস্থ্যৰ বিষয়ে টুইটাৰযোগে জনায়।

হেমা মালিনীয়ে টুইটাৰযোগে ক’লে যে, ‘লতাজীৰ বাবে প্ৰাৰ্থনা কৰক তেওঁ বৰ্তমান হাস্পতালত চিকিত্সাধীন হৈ আছে আৰু ৰিপৰ্ট অনুসৰি তেওঁৰ অৱস্থা যথেষ্ট সংকটজনক। ভগবানে তেওঁৰ মংগল কৰক আৰু তেওঁ পুনৰ আমাৰ মাজলৈ ঘূৰি আহক। সমগ্ৰ দেশে ভাৰত ৰত্ন আৰু ভাৰতৰ কোকিলকণ্ঠী লতাজীৰ বাবে প্ৰাৰ্থনা জনাইছে।’

অভিনেত্ৰী ছৱানা আজমীয়ে টুইটাৰযোগে লতা মংগেশকাৰ শীঘ্ৰে সুস্থ হৈ উঠাৰ সেৱা-প্ৰাৰ্থনা জনালে। তেওঁ লিখিলে, ‘আদাৱ আৰু হাজাৰ প্ৰাৰ্থনা যে আপুনি শীঘ্ৰে সুস্থ হৈ উঠক।’

উল্লেখ্য যে, লতা মংগেশকাৰক সোমবাৰে অৰ্থাৎ ১১ নৱেম্বৰত শ্বাস–প্ৰশ্বাসজনিত কাৰণত মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

অভিনেত্ৰী পুনম ঢিল্লন আৰু আদনান ছামিয়েও কৰিলে টুইটঃ

Related Post