30 C
Guwahati
Wednesday, June 23, 2021
More

    Breaking: দিল্লী দখলৰ পিছতে আপৰ বিধায়কক ৰাজপথত দুৰ্বৃত্তৰ গুলিচালনা, প্ৰাণ হেৰুৱাই এজন কৰ্মকৰ্তাই

    দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গৈছে অশোক মান নামৰ আপৰ এজন কৰ্মকৰ্তাৰ

    বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰি আম আদমী পাৰ্টীয়ে পুনৰ ক্ষমতালৈ অহাৰ পিছতে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। দিল্লী দখলৰ পিছতে আম আদমী পাৰ্টীৰ বিধায়কক আক্ৰমণ কোনো দুৰ্বৃত্তৰ।

    বিজয়ৰ পিছত মন্দিৰৰ পৰা ঘৰলৈ আহি থকাৰ সময়তে মঙলবাৰৰ নিশা আক্ৰমণ। দুৰ্বৃত্তই নিৰ্বিচাৰে আক্ৰমণ চলাইছিল দিল্লীৰ মেহৰোলী সমষ্টিৰ বিধায়ক নৰেশ যাদবক। দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গৈছে অশোক মান নামৰ আপৰ এজন কৰ্মকৰ্তাৰ। লগতে এই আক্ৰমণত আহত হৈছে আন এজন কৰ্মকৰ্তা।

    মন্দিৰৰ পৰা আহি থকাৰ সময়তে ৰাজপথত গুলিচালনা। আপৰ বিধায়কগৰাকীলৈ চাৰি ৰাউণ্ড গুলি নিক্ষেপ কৰিছিল দুৰ্বৃত্তই। অৰুণা আছফ আলি মাৰ্গত সংঘটিত হয় এই আক্ৰমণ ঘটনা।

    Photo: @twitter

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING