ঘন কুৱলীৰ বাবে পুৱাই ওড়িশাৰ কটকত ভয়াবহ ৰে’ল দুৰ্ঘটনা। তীব্ৰ গতিত থকা লোকমান্য তিলক এক্সপ্ৰেছৰ প্ৰচণ্ড খুন্দা মালগাড়ীত। যাৰ বাবে লাইনচ্যুত যাত্ৰীবাহী ৰে’লখনৰ ৮টাকৈ ডবা। এই দুৰ্ঘটনাটোৰ ফলত ২০জনৰো অধিক যাত্ৰী আহত।
ইয়াৰে ৬জন যাত্ৰীৰ অৱস্থা অতি সংকটজনক। এই দুৰ্ঘটনা সংঘটিত হৈছে কটকৰ নৰগুণ্ডি ৰে’লৱে ষ্টেশ্যনৰ সমীপত। ৰে’ল কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি মালগাড়ীৰ সৈতে ভয়ংকৰ সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। আহতসকলক বৰ্তমানে স্থানীয় এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইতিমধ্যে প্ৰশাসনে 0674-1072 আৰু 0671-1072 এই দুই হেল্পলাইন জাৰি কৰিছে দুৰ্ঘটনাত পতিত হোৱা লোক সকলৰ বাবে।