
কৰ’ণাৰ সন্ত্ৰাসে বিশ্বব্যাপী লৈছে ভয়ংকৰ ৰূপ। এই মহামাৰীৰ পৰা ৰক্ষা নপৰিল ইংলণ্ডৰ যুবৰাজ প্ৰিন্স চাৰ্লছ। তেজৰ নমুনাত যুবৰাজৰ দেহত ধৰা পৰিল COVID19। বৰ্তমানে যুৱৰাজে নিজকে স্কটলেণ্ডত আইছ’লেট কৰি ৰাখিছে।
বৰ্তমানে ইংলেণ্ডত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪২২লৈ। আনহাতে ১লাখৰো অধিক লোকে স্বেচ্ছাসেৱাই এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ নিজে আগবাঢ়ি আহি অংগীকাৰবদ্ধ হৈছে।
Photo Credit: The Economic Times