দিল্লীৰ হিংসাত প্ৰতিবাদকাৰীয়ে BSFৰ এজন হেড কনিষ্টবল মহম্মদ অনিছৰ বাসগৃহত অগ্নিসংযোগ কৰিছিল। প্ৰতিবাদকাৰীয়ে বিশেষকৈ খজুৰী গলিত ৩৫টা ঘৰত অগ্নিসংযোগ কৰিছিল। সেই স্থানতে BSFৰ হেড কনিষ্টবল মহম্মদ অনিছৰো ঘৰ আছিল।

এই ঘটনাটোৰ পিছতে BSFয়ে জোৱানজনক দিল্লীৰ মুখ্য কাৰ্যালয়লৈ মাতি পঠিয়াই। BSFয়ে জোৱানজনক সহায় কৰাৰ কথা ঘোষণা কৰে। BSF জোৱানজনে এই ঘটনাটোৰ বিষয়ে জ্যেষ্ঠ বিষয়াসকলক জনোৱা নাছিল। এই ঘটনাটোৰ বিষয়ে জনাৰ লগে লগে BSFয়ে জোৱানজনক বিচাৰে আৰু তেওঁৰ পিতৃৰ সৈতেও কথা পাতে।
BSFয়ে লগে লগে হেড কনিষ্টবল মহম্মদ অনিছৰ পিতৃ মহম্মদ য়ুনুছ, খুড়া আহেমদ, খুড়াৰ ভগ্নী নেহা পাৰবীনক সুৰক্ষিত স্থানলৈ লৈ যোৱাৰ কথা প্ৰকাশ কৰে। তেওঁলোকে ক’লে যে তেওঁলোকে ঘৰৰ পৰা পলাই সম্বন্ধীয় ঘৰলৈ গুচি যায়। তেওঁলোকে ক’লে যে অৰ্ধসামৰিক বাহিনীয়ে তেওঁলোকক ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ সহায় কৰিছে।
Photo: clicknow.in