CAA-NRCৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত জামিয়া ছাত্ৰ আৰু আৰক্ষীৰ মাজত সংঘাত, আহত কেইবাজনো

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
আৰক্ষীয়ে হোলা ফেমেলী হাস্পতালৰ সমীপত প্ৰতিবাদকাৰীসকলক লাঠীচালনা কৰে। প্ৰতিবাদকাৰীক উভতাই পঠাবলৈ এই প্ৰক্ৰিয়া হাতত লৈ যদিও প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলী ত্যাগ নকৰে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

জামিয়া মিলিয়া ইছলামিয়া ছাত্ৰই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমদল উলিয়াই। এই প্ৰদৰ্শনৰ মাজতে আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় সংঘাত। এই সংঘাতত কেইবাজনো ছাত্ৰ আহত হয়। দিল্লী আৰক্ষীয়ে ছাত্ৰসকলৰ সমদলটোক সংসদ অভিমুখে আহি থকা পথতে বাধা প্ৰদান কৰিছিল। আৰক্ষীয়ে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন কৰে কেইবাজনো ছাত্ৰই।

ঘটনা সন্দৰ্ভত জামিয়াৰ এজন ছাত্ৰই ক’লে যে তেওঁৰ ওপৰত মহিলা আৰক্ষীয়ে আক্ৰমণ কৰিছে আৰু তেওঁৰ বোৰ্খা খুলি পেলাই দিয়ে। ইফালে সমাজবাদী পাৰ্টীৰ অফিচিয়েল টুইটাৰযোগে টুইট কৰিছে যে দিল্লীত CAAৰ বিৰুদ্ধে শান্তিপূৰ্ণ সমদল উলিওৱা ছাত্ৰৰ ওপৰত লাঠীচাৰ্জ কৰাটো অত্যন্ত দুখঃজনক। সংবিধান বিৰোধী আইনৰ পৰা লাভ কৰা মৌলিক অধিকাৰো মোহাৰি পেলাবলৈ চেষ্টা কৰিছে শাসনাধিষ্ঠ চৰকাৰে। আহত ছাত্ৰৰ প্ৰতি সংবেদনা আছে। আমি এই কাপুৰুষালিক সমালোচনা কৰিছো।

Photo credit: Reuters

CAA, NRC আৰু NPRৰ বিৰুদ্ধে জামিয়া ক’অৰডিনেচন কমিটীয়ে এই সমদলৰ আয়োজন কৰিছে। অখলাৰ হোলা ফেমেলী হাস্পতালক সন্মুখত প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ আপ্ৰাণ চেষ্টা চলাই আৰক্ষীয়ে, ইয়াৰ মাজতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় সংঘাত।

আৰক্ষীয়ে হোলা ফেমেলী হাস্পতালৰ সমীপত প্ৰতিবাদকাৰীসকলক লাঠীচালনা কৰে। প্ৰতিবাদকাৰীক উভতাই পঠাবলৈ এই প্ৰক্ৰিয়া হাতত লৈ যদিও প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলী ত্যাগ নকৰে।

Photo credit: Reuters

Related Post