দিল্লীঃ জামিয়াত পুনৰ ছাত্ৰৰ প্ৰতিবাদ, দৰিয়াগঞ্জ হিংসাত গ্ৰেপ্তাৰ প্ৰতিবাদকাৰীক ১৪ দিনৰ জেল

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
এই প্ৰতিবাদীৰ মাজতে দৰিয়াগঞ্জ থানাৰ বাহিৰত থিয় হৈ থকা বাহনতো অগ্নিসংযোগ কৰে। ইয়াৰ পিছতে প্ৰতিবাদাকাৰীৰ ওপৰত চলাই লাঠি
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে শুকুৰবাৰেও ৰাজধানী দিল্লীৰ কেইবাটাও স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কেইবাটাও সংগঠনে দিয়া প্ৰতিবাদী আহ্বানৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে কেইবাটাও এলেকাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। ইফালে ধাৰাবাহিকাভাৱে দ্বিতীয় দিনাও ১৭টা মেট্ৰ’ ষ্টেচন বন্ধ কৰি দিছে। দিনত জামা মছজিদৰ সন্মুখত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ হয় কিন্তু সন্ধিয়ালৈ এই প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। দিল্লী গেটত জমা প্ৰতিবাদকাৰীক আঁতৰাবলৈ আৰক্ষীয়ে পানীহিলৈ আৰু শিলগুটি নিক্ষেপ কৰে।

এই প্ৰতিবাদৰ মাজতে দৰিয়াগঞ্জ থানাৰ বাহিৰত থিয় হৈ থকা বাহনতো অগ্নিসংযোগ কৰে। ইয়াৰ পিছতে প্ৰতিবাদাকাৰীৰ ওপৰত চলাই লাঠি। প্ৰতিবাদকাৰীক ৰুধিবলৈ শিলগুটি নিক্ষেপ কৰোতে ১৪ গৰাকী আৰক্ষী কৰ্মীসহ ৪৫জন প্ৰতিবাদকাৰী আহত হয়।

দৰিয়াগঞ্জ হিংসা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা লোকসকলক শনিবাৰে দিল্লী আৰক্ষীয়ে তিছ হাজাৰী আদালতত হাজিৰ কৰালে। আদালতে আটাইকেইজনক ১৪ দিনৰ বাবে জেললৈ প্ৰেৰণ কৰে। আদালতৰ বাহিৰত ভীম আৰ্মীৰ লোকে ধৰ্ণা দিয়ে।

Photo credit: amarujala.com

Related Post