ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনটো ৰাজ্যত অব্যাহত ‘কা’ বিৰোধী প্ৰতিবাদ। টিংখাঙৰ ৰাজগড়ত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পুৱাই আছুৰ ১২ ঘন্টীয়া অনশন কাৰ্যসূচী।
ডিব্ৰুগড়ৰ জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হয়। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে ধাৰাবাহিক আন্দোলন চলাই নিয়াৰ সংকল্প আছুৰ।