নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে লখিমপুৰত ব্যাপক প্ৰতিবাদ অব্যাহত। জাতিধ্বংসী আইনৰ বিৰুদ্ধে আজি ৰাজ্যৰ কৰ্মচাৰী সমাজো ৰাজপথলৈ ওলাই অহাত কাৰ্যালয়সমূহত সৃষ্টি হয় অচলাৱস্থাৰ। লখিমপুৰত ছাত্ৰ সন্থা, কৰ্মচাৰী পৰিষদৰ সমান্তৰালভাৱে ওলাই আহিল শংকৰদেৱ সংঘও।
শংকৰদেৱ সংঘৰ বাপ আৰু আই মাতৃসকলে হৰিনামেৰে চৰকাৰৰ সুমতিৰ লগতে অসমৰ ভাষা, সাহিত্য, সংস্কৃতি ধ্বংসকাৰী আইনখন বাতিলৰ দাবী তোলে। লখিমপুৰৰ এই প্ৰতিবাদত হুইল চেয়াৰত বহি অংশ ল’লে বিশেষভাৱে সক্ষম লোকেও।
Photo Credit :@Hassinur Alom