ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসভৱনৰ ঘেৰাও কৰি প্ৰতিবাদ আছুৰ। শনিবাৰে নিশা ডিব্ৰুগড় জিলা আছুৱে ডিব্ৰুগড়ৰ ৰূপনগৰস্থিত বিধায়কগৰাকীৰ বাসভৱনৰ সন্মুখত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলৰ সৈতে নিৰাপত্তাৰক্ষীৰ তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়। বিধায়কৰ বাসভৱনৰ সন্মুখত প্ৰশান্ত ফুকন মুৰ্দাবাদ ধ্বনি আছুৰ। বিধায়কৰ বাসগৃহৰ দেৱালত ক’লা ৰঙেৰে প্ৰতিবাদী আছুকৰ্মীয়ে লিখিলে ‘No Cab’.